২০২০ চনৰ জানুৱাৰী মাহত পৰম উল্লাসেৰে এটি নতুন শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহিছিল। মাক-দেউতাকেও বহু আশা বুকুত বান্ধি পঠিয়াইছিল বিদ্যালয়লৈ। বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ তথা শিক্ষাগুৰুসকলেও এটি নতুন শিক্ষাবৰ্ষৰ বাবে বহু পৰিকল্পনাৰে আগবাঢ়িছিল। মাত্ৰ তিনিটা মাহত ভৰি দিওঁতেই যেন সকলোৰে বাবে নামি আহিল বিপৰ্যয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ গতিবিধি সলনি কৰিলে এই সময়ে। কেৱল ছাত্ৰ-ছাত্ৰীৰ বুলি ক'লে ভুল কোৱা হ'ব। শিক্ষকসকলৰ জীৱনতো এই সময়ৰ প্ৰভাৱ বাৰুকৈয়ে পৰিল। অভিভাৱকসকলো পিছ পৰি নৰ'ল। তেওঁলোকৰ জীৱনলৈও সন্তানক লৈ আহি পৰিল ন-ন চিন্তা। এই সময়ে সমগ্ৰ শিক্ষা ব্যৱস্থাৰ বাবেই কঢ়িয়াই আনিছে এক বৃহৎ পৰিৱৰ্তন।
সেই পৰিৱৰ্তনৰ অংশবিশেষ হৈছে অনলাইন পৰীক্ষা। এতিয়া সকলো বিদ্যালয়-মহাবিদ্যালয়ে আগবাঢ়িছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যায়ো অনেক সুবিধা প্ৰদান কৰিছে পৰীক্ষাৰ বাবে। মুঠতে ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকন হোৱাটো নিশ্চিত। হয়, মূল্যাংকন, ছাত্ৰ-ছাত্ৰীৰ পাঠবোধৰ তথা বিষয়জ্ঞানৰ মূল্যাংকন। শিক্ষক-শিক্ষাৰ্থী-অভিভাৱক সকলো প্ৰস্তুত হৈছে পৰীক্ষাৰ বাবে। শিক্ষকে পৰীক্ষা ল'বলৈ, শিক্ষাৰ্থী পৰীক্ষাত বহিবলৈ আৰু অভিভাৱকে নিৰীক্ষণ কৰিবলৈ। অৰ্থাৎ অনলাইন পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ নিৰীক্ষণৰ দায়িত্ব বহন কৰিব স্বয়ং তেওঁলোকৰ পিতৃ-মাতৃ অথবা অভিভাৱকে। কোনো শিক্ষাৰ্থীয়ে হয়তো নিৰীক্ষক অবিহনেই বহিব পৰীক্ষাত। গতিকে এই কথাটো অতি স্পৰ্শকাতৰ বুলি গণ্য কৰা হৈছে। কিয়নো বৰ্তমানৰ অনলাইন পৰীক্ষাসমূহেই মূল্যাংকন কৰিব আমাৰ ছাত্র-ছাত্ৰীসকলক। মই পৰীক্ষাৰ বিপক্ষে এই লেখনি প্ৰস্তুত কৰা নাই। এই লেখনি মাথোঁ সচেতনতা আৰু সজাগতাৰ বাবে। মই মাথোঁ ক'ব বিচাৰিছোঁ বিশ্বৰ এই সংকটপূৰ্ণ পৰিস্থিতিত, পৰিৱৰ্তিত শিক্ষা ব্যৱস্থাটোত শিক্ষা অথবা মূল্যাংকন কেৱল নাম হৈ নৰওঁক। ইও এক প্ৰকৃত মূল্যাংকনৰ পৰিচায়ক হৈ ৰওঁক। পৰিৱৰ্তনৰ লগত আমি সকলো যাতে খাপ খাই পৰিব পাৰোঁ।
এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ যথেষ্ট কৰণীয় আছে বুলি উপলব্ধি হয়। পৰীক্ষাক পৰীক্ষা হিচাপেই গণ্য কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ দায়িত্ব। লাগিলে সেই পৰীক্ষা তেওঁলোকৰ ঘৰতেই নহওঁক কিয়। কোনো কাৰণতে পৰীক্ষাৰ মান্যতা নষ্ট কৰাটো উচিত নহয়। যেনেদৰে বিদ্যালয়ত শিক্ষকৰ নিৰীক্ষণত সময়ৰ প্ৰতি সচেতন হৈ সততাৰে শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হয়। সেই অভ্যাস ঘৰ বুলি সলনি হোৱাটো অনুচিত। পিতৃ-মাতৃ ছাত্ৰ-ছাত্ৰীৰ প্ৰথম গুৰু আৰু তেওঁলোকৰ ঘৰখন জীৱনৰ প্ৰথম বিদ্যালয়। প্ৰথম মাতষাৰ দিবলৈ শিশুৱে ঘৰতেই শিঁকে। সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰি বাক্য কৈ মনৰ ভাৱ ব্যক্ত কৰিব পৰা হ'লেহে আনুষ্ঠানিক বিদ্যালয়লৈ শিশু এটি আহে। গতিকে ঘৰতে পৰীক্ষা দিয়া মানেও ছাত্ৰ-ছাত্ৰীয়ে বিদ্যামন্দিৰত পৰীক্ষা দিয়াটোকে সূচায়। পিতৃ-মাতৃ তথা অভিভাৱক সকলেও নিৰীক্ষণৰ দায়িত্ব পালন কৰা মানে তেওঁলোকৰ শিক্ষকতাৰ ভূমিকা পালন কৰাটোকেই সূচায়। সেয়েহে তেওঁলোকেও সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে সন্তানৰ জ্ঞানৰ মূল্যাংকনৰ প্ৰক্ৰিয়াত অৱতীৰ্ণ হ'ব লাগে। এইখিনিতে বিদ্যালয়ৰ শিক্ষকসকলৰো এটি কৰণীয় আহি পৰে। সেইটো হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা প্ৰশ্নকাকতসমূহো গতানুগতিকতকৈ কিছু পৰিৱৰ্তন হোৱা উচিত। এনে কিছু প্ৰশ্ন সন্নিবিষ্ট হ'ব লাগে; যিবোৰ প্ৰশ্নৰ উত্তৰত ছাত্র-ছাত্ৰীৰ চিন্তা আৰু ধাৰণা প্ৰকাশ কৰাৰ স্থল থাকে। এনেয়েও কোৱা হয়, 'শিক্ষা' এটি ত্ৰিভূজ সদৃশ। যি শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ সমষ্টি। গতিকে এই তিনিওটা কোণৰ প্ৰকৃত ভূমিকাই গঢ়ি তুলিব ভৱিষ্যত ৰাষ্ট্ৰৰ একোগৰাকী সু-নাগৰিক।
আমাৰ শিক্ষা ব্যৱস্থাত ইটো শ্ৰেণীৰ পাঠসমূহৰ সিটো শ্ৰেণীৰ পাঠসমূহৰ সৈতে এক সম্পৰ্ক থাকে। অৰ্থাৎ এটা ক্ৰমত শিক্ষা আগুৱাই গৈ থাকে। যদি কোনো এটা শ্ৰেণীত যিকোনো বিষয় এটিৰ জ্ঞান খৰচি মাৰি অধ্যয়ন কৰা নহয়। তেনেহ'লে পাছৰ শ্ৰেণীত সেই বিষয়টিৰ পাঠবোৰ জটিল যেন হৈ পৰে। এই বছৰ মহামাৰীয়ে শিক্ষাৰ পৰিৱেশ সলনি কৰিলে। কিন্তু অহা শিক্ষাবৰ্ষত এই পৰিৱেশ হয়তো নাথাকিব। গতিকে আমি যাতে অহা শিক্ষাবৰ্ষসমূহত সমস্যাৰ সন্মুখীন নহওঁ তাৰ বাবে আজিয়েই আমি আমাৰ প্ৰকৃত দায়িত্ব তথা ভূমিকা পালন কৰিব লাগিব। এইক্ষেত্ৰত শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক সকলোৱে সচেতন হ'ব লাগিব।
এই লেখনিটি মোৰ মনত উদয় হোৱা এক চিন্তাৰ বহিঃপ্ৰকাশ মাথোন। এই চিন্তা সময়োপযোগী বুলি অনুভৱ হোৱা বাবেই ৰাইজলৈ আগবঢ়ালোঁ মোৰ "বৰণীয়া" ব্লগটোৰ যোগেদি। আশা কৰোঁ পঢ়ুৱৈ পঢ়ি ধনাত্মক সমালোচনাৰে মোক কৃতাৰ্থ কৰিব।
- পবিত্ৰ বৰা
৭০০২৯১৪৭২৫
সচাই সময়োপযোগী
ردحذفসুন্দৰ লেখনি
ردحذف