১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভিন্ন সামাজিক তথা ধাৰ্মিক কামত নিমজ্জিত হৈ থকা অতি সৰল, আতিথ্যপৰায়ণ আইগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৭২ বছৰ। বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যুৰ শীতল কোলাক আকোঁৱালি লোৱা তেখেতে দুই পুত্ৰ-বোৱাৰী আৰু দুই নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, মাত্ৰ এবছৰ পূৰ্বে স্বৰ্গগামী হোৱা বৰবায়ন ভৱকান্ত কলিতাৰ তেখেত আছিল সুযোগ্যা পত্নী। নগাঁৱৰ আমোলাপট্টিস্থিত স্মশানত স্থানীয় ৰাইজৰ উপস্থিতিত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুত অঞ্চলৰ সমূহ ৰাইজ তথা শুভাকাংক্ষীসকলে শোকপ্ৰকাশ কৰে।
এই ব্লগটি হৈছে এক মাধ্যম আমাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ। শিক্ষা আৰু সংস্কৃতিৰ টুকুৰা খবৰ আপোনাৰ কাষলৈ লৈ যাব এই ব্লগটিয়ে। শিক্ষাৰ্থী সকলকো শিক্ষাৰ সমল আগবঢ়াই যাবলৈ প্ৰয়াস কৰিব ব্লগটোৱে। আছুতীয়া সাক্ষাৎকাৰৰ যোগেদি জানিব পাৰিব বিভিন্ন গণ্য-মান্য ব্যক্তিৰ ব্যক্তিগত জীৱন। যি হয়তো কাৰোবাৰ বাবে হ'ব প্ৰেৰণাৰ উৎস।
الاشتراك في:
الرسائل (Atom)
Featured Post
সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান
১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...

-
(ক) বাৰটা মাহত তেৰটা খেতি। উত্তৰ ঃ প্ৰশ্নোৰ্দ্ধৃত কথাফাকিৰ দ্বাৰা প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰাৰ কথা বুজোৱা হৈছে। খেতিয়কে যদি প্ৰতি মাহে এটা...
-
ভাব বিষয়ক ১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল ? উত্তৰ ঃ হীৰেণ ভট্টাচাৰ্য্যৰ জন্ম যোৰহাটত হৈছিল। (খ) হীৰেণ ভট্টাচাৰ্য্যই সম্পাদনা ...
-
১০। বাক্য ৰচনা কৰা - হাতে কামে ঃ যিকোনো কাম এটা হাতে কামে লাগিলে সুচাৰুৰূপে সম্পন্ন হয়। নিয়ম-শৃংখলা ঃ নিয়ম-শৃংখলা মানি চলাটোও সফ...