السبت، 26 سبتمبر 2020

সাৰাংশ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন (CLASS 9 ASSAMESE)

 "পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন" - পাঠটিৰ সাৰাংশ 



    মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটোত দুটা গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভূক্ত হৈছে। এটা হ'ল - গছ-গছনিৰ প্ৰয়োজনীয়তা তথা প্ৰকৃতিৰ ওপৰত মানৱ জাতিৰ নিৰ্ভৰশীলতা আৰু দ্বিতীয় বিষয়টি হ'ল ছোৱালী সন্তানৰ ভ্ৰুণ হত্যা ৰোধ কৰা। ভাৰতবৰ্ষত এতিয়াও ঠায়ে-ঠায়ে কন্যা সন্তানৰ জন্ম হ'লে হত্যা কৰাৰ প্ৰথা চলি আহিছে। এই পাঠটোৰ উল্লেখিত গাঁওখনে কিন্ত এই প্ৰথাটো ৰোধ কৰাত সম্পূৰ্ণৰূপে সফল হৈছে। যাৰ বাবে সেই নিৰ্দিষ্ট গাঁওখন বিশ্ববিখ্যাত হৈ পৰিছে। 

    এতিয়া মই পাঠটোৰ মূল ব্যাখ্যালৈ আহিছোঁ। পাঠটোত উল্লেখিত সম্পূৰ্ণ ঘটনাক্ৰম সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এখন গাঁৱৰ সফলতাৰ কাহিনী পাঠটোত প্ৰতিফলিত হৈছে বুলি ইতিমধ্যে তোমালোকে জানিব পাৰিছা। সেই গাঁওখন ক'ৰ জানানে ? ৰাজস্থানৰ ৰাজমছন্দ জিলাৰ অন্তৰ্গত ৰাজপুত ৰজা মহাৰাণা প্ৰতাপৰ জন্মস্থান উদয়পুৰৰ পৰা ৭ কিলোমিটাৰ নিলগত অৱস্থিত পিপলান্ত্ৰি গাঁও। এই ধ্বংসমুখী গাঁওখন কেনেদৰেনো পুনৰ সজীৱ হৈ বিশ্ববিখ্যাত হৈ পৰিল, সেই কথাই পাঠটোত লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোঁহাঞিদেৱে উল্লেখ কৰিছে। তোমালোকে পাঠটো পঢ়িলে জানিব পাৰিবা যে, পিপলান্ত্ৰি নামৰ গাঁওখন বৰ্তমান আদৰ্শ গাৱলৈ পৰিগণিত হৈছে। যদিও কিছুবছৰ আগলৈকে গাঁওখনৰ মানুহে পৰিৱেশ প্ৰদূষণ, খেতি-বাতিৰ বাবে পানীৰ অভাবত ভূগিছিল। গাঁওখন প্ৰাকৃতিক সম্পদত চহকী আছিল। যাৰ বাবে গাঁওখনৰ ডাঙৰ-ডাঙৰ ব্যৱসায়ীসকলে মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰি এই মাৰ্বল পাথৰৰ বাবেই গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰি গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এই বাৰ্তাৰে গাঁওখন পৰিচিত হৈছিল সচাঁ। কিন্তু সমানে-সমানে গাঁওখনলৈ নামি আহিছিল যেন কাল অমানিশা।

    হয়, মাৰ্বলৰ বৃহত্ খনিবোৰৰ ফলত গাঁওখনত প্ৰকৃতি ধ্বংস হৈছিল। প্ৰাকৃতিক সম্পদবোৰ ব্যৱসায়ীসকলে লাভ কৰি অধিক লোভী হৈ পৰিছিল। যাৰবাবে দিনে-নিশাই খনিবোৰত কাম চলিছিল। ইয়াৰ ফলত গাঁৱৰ পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰিছিল। প্ৰকৃতি যেন ৰুষ্ট হৈ পৰিছিল। মানুহে অকণমান বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল। গছ-গছনি ব্যৱসায়ীসকলে অনিষ্ট কৰিবলৈ লোৱাত ক্ৰমান্বয়ে গাঁওখনত গছ-গছনিৰ সংখ্যা কমি আহিবলৈ ধৰিলে। আৰু আমি সকলোৱে জানো, গছ-গছনি কমি অহাৰ লগে-লগে বৰষুণ কমি আহে। সেই দশাই হৈছিল পিপলান্ত্ৰি গাঁওখনত। পানীৰ অভাৱত খেতি-বাতি নোহোৱা হৈছিল। ফলত গাঁওখনত দুৰ্ভিক্ষই দেখা দিছিল। আনকি নতুনৈ বৰষুণ নোহোৱাৰ বাবে নৈ, জলাশয় আদিৰ পানীবোৰ দূষিত হৈছিল। এই দূষিত পানীকেই গাঁওবাসীয়ে খাবলৈ লোৱাত বিভিন্ন বেমাৰ-আজাৰ হৈছিল। গছ-গছনিৰ অভাৱত ভূ-গৰ্ভৰ পানীৰ স্তৰো তললৈ নামি গৈছিল, চৰাই-চিৰিকতি, জীৱ-জন্তু নোহোৱা হৈ পৰিছিল। মুঠতে গোটেই গাঁওখন ধ্বংসৰ গৰাহত পৰিছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওখনৰ কিছু কিছু মানুহে গাঁও এৰি আনঠাইলৈ ঢাপলি মেলিব লগা হৈছিল। 

    কিন্তু বৰ্তমান গাঁওখন অতি জনপ্ৰিয় আৰু বিশ্ববিখ্যাত হৈ পৰা কাৰণটো হ'ল ধ্বসমুখী গাঁওখনে পুনৰ ফলে-ফুলে জাতিষ্কাৰ হৈ নকৈ প্ৰাণ পাই উঠিল। এই কঠিন কাম কেনেদৰে সম্ভৱপৰ হ'ল জানানে ? এগৰাকী ব্যক্তিৰ প্ৰৱল ইচ্ছাশক্তি, জ্ঞান, ধ্যান আৰু সাধনাৰ বলত। সেই ব্যক্তিগৰাকী হ'ল শ্যাম সুন্দৰ পালিৱাল। তেওঁ যেতিয়া জন্ম হৈছিল তেতিয়া গাঁওখনৰ অৱস্থা নিচেই দুখলগা আছিল। জীৱন সংগ্ৰামৰ বাবে তেৱোঁ ঘৰ এৰি গৈছিল যদিও গাঁওখনৰ হৃদয়বিদাৰক ছৱিয়ে তেওঁক আমনি কৰিছিল। ফলতে শ্যাম সুন্দৰে পুনৰ গাঁৱলৈ ঘূৰি আহিছিল। তেওঁ ঘূৰি আহিও গাঁওখনৰ অৱস্থা আৰু অধিক বেয়াৰ ফালে ঢাল খোৱাহে দেখিছিল। ভূ-গৰ্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। ২০০৫ চনত শ্যাম সুন্দৰে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰিছিল। যদিও তেওঁ বিশেষ একো কৰিব পৰা নাছিল। কিন্তু এদিনৰ এটা ঘটনাই সকলো সলনি কৰি দিছিল। তেওঁৰ অসুখত ভূগি থকা কন্যা সন্তান কিৰণৰ মৃত্যু হৈছিল। এই মৃত্যুৰ কাৰণো প্ৰকৃততে প্ৰকৃতি ধ্বংসই আছিল যদিও শ্যাম সুন্দৰে নিয়তিৰ ইচ্ছা বুলি ধৰি লৈছিল আৰু কিৰণৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰিছিল। সেইদিনাই তেওঁ গাঁৱত এটা নিয়ম বান্ধি দিছিল যে, গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১-টা মূল্যৱান গছপুলি ৰোপণ কৰিব আৰু এই কামটো 'কিৰণ নিধি যোজনা'ৰ অধীনত সম্পন্ন হ'ব। এই সিদ্ধান্তটোৱে আচলতে গাঁওখনক নৱজীৱন দিলে। শ্যাম সুন্দৰৰ এই সিদ্ধান্তই প্ৰকৃতি নিৰ্মাণ কৰিলে, আমাৰ উশাহক যেন ৰক্ষা কৰিলে আৰু কন্যা সন্তান হত্যা কৰি অহা এটা মহাপাপ ৰোধ কৰিবলৈ সক্ষম হ'ল। তেওঁ কেৱল গছপুলিকেইটা ৰোপণ কৰাতেই দায়িত্ব সামৰা নাছিল। যিগৰাকী ছোৱালী জন্ম হোৱাৰ বাবে ১১১-টা পুলি ৰোপণ কৰিছিল, সেই কন্যাসন্তানগৰাকীৰ সমানে-সমানে ১১১-টা গছপুলিক লালন-পালন কৰাটোও বাধ্যতামূলক কৰিছিল। যাৰবাবে গাঁওখনৰ ৰুষ্ট প্ৰকৃতি শান্ত হৈ পুনৰ সজীৱ হৈ পৰিল। আৰু ভ্ৰুণ হত্যাৰ দৰে মহাপাপ নোহোৱা হৈ পৰিল। আনকি ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে জন্ম হোৱা ছোৱালীজনীৰ নামত গাঁৱৰ ৰাইজে ২১০০০ টকা তোলে আৰু মাক-দেউতাকৰ পৰা ১০,০০০ টকা লৈ বেংকত ফিক্সড ডিপজিট কৰি থয়। যি ধন কেৱল ছোৱালী পঢ়া-শুনা কৰি বিয়াৰ উপযুক্ত হ'লেহে উলিয়াব পাৰে। ৰাইজৰ এই সিদ্ধান্তও গাঁওবাসীয়ে খুব সুন্দৰকৈ মানি চলিছিল। 

    গাঁওখনৰ ৰাইজৰ এই আদৰ্শগত কাৰ্য্য সংবাদ-মাধ্যম, সামাজিক মাধ্যমৰ যোগেদি গোটেই বিশ্বত বিয়পি পৰিছিল। ফলত গাঁওখন পৰিদৰ্শন কৰিবলৈ দেশ-বিদেশৰ লোক আহিবলৈ ধৰিলে। গৱেষকে তথ্যচিত্ৰ নিৰ্মাণ কৰিলে। আৰ্জেন্টিনাৰ এটা দৰে পিপলান্ত্ৰিৰ নামত চিনেমা নিৰ্মাণ কৰিলে। হিন্দীভাষাটো গাঁওখনৰ কথাৰে ছৱি নিৰ্মাণ হ'ল। ডেনমাৰ্কত প্ৰাথমিক স্তৰত গাঁওখনৰ সফলতাৰ কাহিনী পাঠ্যক্ৰমতো অন্তৰ্ভূক্ত হ'ল। যিয়ে আন দেশকো প্ৰেৰণা যোগালে। ২০০৭ চনত গাঁওখনে ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰো লাভ কৰিলে। 

    পাঠটোৰ পৰা তোমালোকে হয়তো এটা কথা বুজিব পাৰিছা যে, মনত যদি দৃঢ়়তা থাকে, ইচ্ছাশক্তি যদি প্ৰৱল হয়, কৰ্মোদ্যম আৰু আগ্ৰহ থাকে, তেন্তে যিকোনো অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰি। এই জলজল-পটপট উদাহৰণ হৈছে পিপলান্ত্ৰি নামৰ গাঁওখন। পাঠটো তোমালোকৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ উদ্দেশ্য তোমালোকে কি বুলি ভাবা ? ইয়াৰ উদ্দেশ্য এয়ে যে, প্ৰকৃতিৰ প্ৰতি তোমালোকো সদায় সদয় হ'বা। প্ৰকৃতি ধ্বংস কৰাৰ পৰা বিৰত থাকিবা। নিজৰ ঠাইখনৰ উন্নতিৰ বাবে সদায় অগ্ৰসৰ হৈ বিশ্বৰ মানসপটত জিলিকাই তোলাৰ প্ৰয়াস কৰিবা। আৰু আটাইতকৈ ডাঙৰ কথা ছোৱালী সন্তান তথা নাৰীৰ প্ৰতি সদায় সন্মান প্ৰদৰ্শন কৰিবা। কিয়নো সৃষ্টিৰ মূলতে নাৰীয়েই কিন্তু। নাৰী থাকিলেহে এই সৃষ্টি বৰ্তি থাকিব। কাৰণ নাৰীয়েই হৈছে প্ৰকৃতি। গতিকে প্ৰকৃতিক বাদ দি আমি সুখী জীৱন কেতিয়াও কামনা কৰিব নোৱাৰোঁ। 

    আশা কৰোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটোৰ মূলভাৱ সুন্দৰকৈ বুজিব পাৰিছা। তোমালোকৰ বাবে প্ৰশ্নোত্তৰ সমূহো আগবঢ়োৱা হ'ব। তোমালোকে মাথোঁ অধ্যয়ন অব্যাহত ৰাখিবা। 

ধন্যবাদেৰে.....

পবিত্ৰ বৰা, শিক্ষক                                                                                                                         ফোনঃ ৭০০২৯-১৪৭২৫                                                                                                                 তাং - ২৬, ছেপ্তেম্বৰ, ২০২০

**********


ليست هناك تعليقات:

إرسال تعليق

Featured Post

সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান

১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...