১। চমুকৈ উত্তৰ লিখা :
(ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল ?
উত্তৰ : ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ উদয়পুৰত হৈছিল।
(খ) পিপলান্ত্ৰি গাঁওখন ক'ত অৱস্থিত ?
উত্তৰ : ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ নিলগত ৰাজছমন্দ জিলাৰ অন্তৰ্গত তথা ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্মস্থান উদয়পুৰৰ পৰা সাত কিলোমিটাৰ দূৰত পিপলান্ত্ৰি গাঁওখন অৱস্থিত।
(গ) কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনে 'গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ড'ছত স্থান পাইছিল ?
উত্তৰ : আদৰ্শ গাঁও হিচাপে পৰিগণিত হোৱা পিপলান্ত্ৰি গাঁওখনে মাৰ্বল পাথৰৰ বাবে 'গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ড'ছত স্থান পাইছিল।
(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে ?
উত্তৰ : ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওখনৰ সফলতা আৰু কাম-কাজৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক দেশৰ প্ৰতি থকা দায়িত্বব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে।
(ঙ) 'Tree Sisters' নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ : আৰ্জেন্টিনাৰ এটা দলে পিপলান্ত্ৰি গাঁওখনক লৈ 'Tree Sisters' নামৰ চিনেমাখন নিৰ্মাণ কৰিছিল।
(চ) কিৰণ কোন আছিল ?
উত্তৰ : কিৰণ পিপলান্ত্ৰি গাঁওখনক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল।
(ছ) ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে ?
উত্তৰ : ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধি গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰি তোলে।
(জ) 'কিৰণ নিধি যোজনা'ৰ আঁৰৰ মানুহজন কোন ?
উত্তৰ : 'কিৰণ নিধি যোজনা'ৰ আঁৰৰ মানুহজন আছিল শ্যাম সুন্দৰ পালিৱাল।
(ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে ?
উত্তৰ : পিপলান্ত্ৰি গাঁৱৰ কোনো এজন মানুহৰ মৃত্যু হ'লেও তেওঁৰ নামত ১১টা গছপুলি ৰোপণ কৰা হয়।
**********
ليست هناك تعليقات:
إرسال تعليق