৬। পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখাঁ।
উত্তৰ ঃ এসময়ত পিপলান্ত্ৰি গাঁওখনৰ প্ৰতি ৰুষ্ট হৈ পৰা প্ৰকৃতি পুনৰ শ্যাম সুন্দৰ পালিৱালৰ প্ৰচেষ্টাৰে গঞা ৰাইজৰ সহযোগিতাৰে শান্ত হৈ পৰিছিল। গছ-গছনি, ফলে-ফুলে জাতিষ্কাৰ হৈ সেউজী ধৰণীলৈ পৰ্যবসিত হৈছে পিপলান্ত্ৰি গাঁওখন। অকণমান বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰিবলগা হোৱা গাঁওখনত এতিয়া চাৰিওফালে মাথোঁ বিশুদ্ধ বতাহ আৰু শুদ্ধ অক্সিজেন। এটুপি পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা গাঁওখনত এতিয়া প্ৰয়োজন অনুসাৰে বৰষুণ হয় আৰু ৰাইজৰ পানীৰ অভাৱ দূৰ হয়। ভূ-গৰ্ভৰ পানীৰ স্তৰ ক্ৰমাৎ ওপৰলৈ উঠি আহে। লগতে খেতি-বাতিৰে নদন-বদন হৈছে পিপলান্ত্ৰি গাঁওখন। এইয়া সম্ভৱ হৈছে শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা 'কিৰণ নিধি যোজনাৰ' বাবে। আঁচনিখনৰ অধীনত কন্যা সন্তান জন্মিলে ৰোপণ কৰা ১১১টা গছপুলি গঞা ৰাইজে প্ৰতিপালন কৰিবলৈ ধৰিলে। বিনিময়ত প্ৰতিজোপা গছে গাঁওবাসীক দিলে শুদ্ধ বতাহ আৰু অক্সিজেন। ইয়াৰোপৰি গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে গছ-গছনিক নিজৰ ভাই-ককাইৰ দৰে জ্ঞান কৰি ৰাখী বন্ধনৰ দিনা গাঁওখনত থকা প্ৰতিজোপা গছত ৰাখী বান্ধে। যেন গছ-গছনিবোৰ তেওঁলোকৰ পৰিয়ালৰে এজন। গছ-গছনিবোৰক এনেদৰে আদৰ-সন্মান কৰাৰ লগে-লগেই গাঁওখনলৈ প্ৰকৃতি শুৱনি কৰি বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতি বাহ ল'লে। আনকি প্ৰতিবছৰে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ কাকলিয়েও সুৰীয়া গীত জুৰে পিপলান্ত্ৰি গাঁওখনত। এয়া সম্ভৱ হৈ উঠিছিল গাঁওবাসীৰ প্ৰকৃতিৰ সৈতে গঢ়ি উঠা আত্মিক সম্পৰ্কৰ বাবেই। গতিকে পিপলান্ত্ৰি গাঁওখনৰ প্ৰকৃতি আৰু মানুহৰ আত্মিক সম্পৰ্কৰ এক উজ্জ্বল নিদৰ্শন।
৭। পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে ?
উত্তৰ ঃ ধ্বংসমুখী প্ৰকৃতিক পুনৰ প্ৰাণ দি সেউজী ধৰণীলৈ পৰিৱৰ্তিত কৰা শ্যাম সুন্দৰ প্ৰমুখ্যে গাঁওবাসীৰ কথা আৰু পিপলান্ত্ৰি গাঁওখন বিশ্বৰ বাবে এখন আদৰ্শ গাঁও ৰূপে পৰিগণিত হোৱাৰ খবৰ কেওফালে বিয়পি পৰিছিল। এয়া সম্ভৱ হৈছিল বিভিন্ন ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম, সামাজিক মাধ্যম, তথ্যচিত্ৰ, চিনেমা আদিৰ বাবে। আচলতে পুনৰ সেউজী ধৰণী ধুনীয়া হৈ পৰা পিপলান্ত্ৰি গাঁওখনৰ পৰিৱেশে যিকোনো মানুহকে আকৰ্ষিত কৰিবলৈ ধৰিছিল। প্ৰথমে এই কথা মানুহৰ মুখ বাগৰি প্ৰচাৰ হৈছিল। তাৰপিছত ক্ৰমাৎ সংবাদ মাধ্যম, সামাজিক মাধ্যম - ফেচবুক, টুইটাৰ, ইউটিউব আদিৰ যোগেদি গাঁও পৰিদৰ্শন কৰা ব্যক্তিসকলে প্ৰচাৰ কৰিবলৈ ধৰিলে। ফলত দেশ-বিদেশৰ পৰ্যটক আহিবলৈ ধৰিলে গাঁওখনলৈ আৰু এই কথা ৰাজস্থান চৰকাৰৰো দৃষ্টিগোচৰ হোৱাত গাঁওখনৰ ৰাস্তা-ঘাট উন্নয়নৰ কামো ক্ষীপ্ৰতাৰে কৰিলে।ৰাজস্থানৰ শিক্ষা বিভাগে সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিলে গাঁওখনৰ কথা। আনকি ডেনমাৰ্কৰ প্ৰাথমিক স্তৰতো অন্তৰ্ভূক্ত হ'ল পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী। আৰ্জেন্টিনাৰ এটা দলে গাঁওখনক লৈ 'Tree Sister' নামেৰে এখন চিনেমা নিৰ্মাণ কৰিলে। 'পিপলান্ত্ৰি' নামেৰে এখন হিন্দী ছবিও নিৰ্মাণ হৈছে।তাৰ উপৰিও বহুতেই গাঁওখনক লৈ শতাধিক তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এনেদৰেই পিপলান্ত্ৰি গাঁওখনৰ সফলতাৰ কাহিনী সৰ্বত্ৰে প্ৰচাৰ হৈছিল আৰু এই প্ৰচাৰেই গাঁওখনলৈ কঢ়িয়াই আনিছিল ২০০৭ চনত ৰাষ্ট্ৰপতি পুৰষ্কাৰ।
********
ليست هناك تعليقات:
إرسال تعليق