الأحد، 27 سبتمبر 2020

প্ৰশ্ন নং ৮ (পাঠ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন) (CLASS 9 ASSAMESE)



৮। পিপলান্ত্ৰি গাঁওখন কিয় এখন আদৰ্শ গাঁও বুলি তুমি ভাবা ? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক ?
উত্তৰ ঃ পিপলান্ত্ৰি গাঁওখন সমগ্ৰ বিশ্বৰ বাবে এখনি আদৰ্শ গাঁও ৰূপে পৰিগণিত হৈছে। পিপলান্ত্ৰি এখন আদৰ্শ গাঁৱত পৰিণত হোৱাৰ বহু ধনাত্মক দিশ আছে। যি সময়ত প্ৰকৃতি সুৰক্ষা, নাৰী সুৰক্ষা শ্ল'গান, প্লে-কাৰ্ড, ধৰ্ণা, সভাৰ মাজতে সীমাৱদ্ধ হৈ আছে ; সেই সময়ত পিপলান্ত্ৰি গাঁৱৰ ৰাইজে হাতে-কামে প্ৰকৃতিৰ সুৰক্ষা কৰা মহৎ কাৰ্যটি সকলোৰে বাবে আদৰ্শ হোৱাৰ যোগ্য। কন্যা সন্তান জন্মিলে আৰু কোনো লোক ঢুকালে তেওঁলোকৰ নামত গছপুলি ৰোপণ কৰাৰ যি আঁচনি শ্যাম সুন্দৰ পালিৱালৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে, সেই কাৰ্য্যতঃ প্ৰকৃতিৰ প্ৰতি মানুহৰ দায়িত্ববোধ প্ৰকাশ পাইছে। কেৱল গছপুলি ৰোপণ কৰিয়েই দায়িত্ব সামৰা নাই গাঁওবাসীয়ে। গাঁওবাসী নিয়মেৰে বান্ধ খাইছে যে, নিজৰ সন্তানক লালন-পালন কৰাৰ দৰেই নতুনকৈ ৰোপণ কৰা গছপুলিবোৰকো প্ৰতিপালন কৰি একোজোপা বৃহৎ গছত পৰিণত কৰিব। আকৌ বৰ্তমানেও ঠায়ে-ঠায়ে ছোৱালীৰ ভ্ৰুণ হত্যাৰ দৰে ঘটনা সংঘটিত হৈ থকা সময়ত গাঁওবাসীয়ে সেই মহাপাপ ৰোধ কৰি কন্যা সন্তান জন্মিলে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাতহে ব্ৰতী হৈছে। ল'ৰা সন্তানৰ দৰেই কন্যা সন্তানক ডাঙৰ-দীঘল কৰা, সমমৰ্য্যাদা প্ৰদান কৰাৰ যি মানসিকতা গাঁওখনৰ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে, সেয়া সচাঁকৈয়ে আদৰ্শগত।কিয়নো একবিংশ শতিকাত ল'ৰা-ছোৱালীৰ প্ৰভেদ ৰখাটো একেবাৰেই সমৰ্থনযোগ্য নহয়। নাৰী-পুৰুষৰ সহযোগিতাৰেহে এই সমাজ আৰু সৃষ্টি বৰ্তি থাকিব। গতিকে পিপলান্ত্ৰি গাঁওখনক মই সম্পূৰ্ণৰূপেই আদৰ্শ গাঁও বুলি অভিহিত কৰিব খোজোঁ। 
            লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোঁহাঞিৰ 'পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন' পাঠটোৰ পৰা বহু কথাই শিকিব পাৰি। পিপলান্ত্ৰি গাঁৱৰ মানুহৰ মানসিক দৃঢ়তা, সুনিৰ্দিষ্ট পৰিকল্পনা, উদ্যম, আগ্ৰহ আদিৰ বাবেই কেনেদৰে অসম্ভৱ বুলি ভবা কাম এটা সম্ভৱ হৈ উঠিল, সেই কথা জানিব পাৰিছোঁ। গছপুলি ৰোপণৰ যোগেদি কেনেকৈ মৰুভূমিলৈ পৰ্যবসিত হোৱা এখন গাঁও পুনৰ সজীৱ হৈ পৰিল, কন্যা সন্তানৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সহায়ত কেনেদৰে ভ্ৰুণ হত্যাৰ দৰে এটা মহাপাপ ৰোধ হ'ল। সেই কথাও পাঠটোৰ পৰা আমি শিকিব পাৰিছোঁ। লগতে পাঠটোৰ পৰা আমি এই কথাও জানিব পাৰিছো যে, একতাই পৰম শক্তি। গাঁওবাসীৰ একতাৰ মনোভাৱৰ বাবেই অসম্ভৱ কাৰ্যকো সম্ভৱ কৰি তুলিব পাৰিছে। কেৱল চৰকাৰ অথবা আন অনুষ্ঠানৰ ওপৰত ভৰষা কৰি হাত সাৱটি বহি নাথাকি নিজৰ জন্ম ঠাইখন তথা দেশখনৰ প্ৰতি প্ৰতিগৰাকী ব্যক্তিৰ যি দায়িত্ব, সেই দায়িত্বৰ কথায়ো পাঠটিৰ যোগেদি লেখকে আমাক সোঁৱৰাই দিছে। গতিকেই ক'ব পাৰি 'পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন' পাঠটি এটি সাৰ্থক জ্ঞানবৰ্দ্ধক পাঠ। 

********

ليست هناك تعليقات:

إرسال تعليق

Featured Post

সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান

১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...