২৪, অক্টোবৰ, নগাঁও: মহিমা আৰু গৰিমাৰ অন্য এক নাম বীণাপাণি দুৰ্গা মন্দিৰ। ক'ৰোণা মহামাৰীৰ বাবে এই বছৰৰ দুৰ্গা পূজাৰ আনন্দ সৰ্বত্ৰে ম্লান হৈছে যদিও বীণাপাণি মন্দিৰৰ আধ্যাত্মিক পূজাৰ পৰিৱেশ অব্যাহত আছে। কাৰণ এই মন্দিৰত গতানুগতিক ভাৱেও সদায় পূজাৰ জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাক প্ৰাধান্য দি আহিছে। সেয়েহে কোৱা হয়, এতিহ্যমণ্ডিত বীণাপাণি মন্দিৰৰ বেদীত অধিষ্ঠিত মা দুৰ্গাই হাতবাউলি মাতে ভক্তক আৰু ভক্তয়ো ঢপলিয়াই আহে মাৰ চৰণত শৰণ লৈ আশীষ ল'বলৈ। এই কথাৰ সত্যতা প্ৰতিপন্ন কৰিয়েই শুকুৰবাৰে বিয়লি বেলা বীণাপাণি পূজা মন্দিৰত উপস্থিত হয় অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মা দুৰ্গাৰ ওচৰত এগছি চাকি-ধূপ প্ৰজ্বলন কৰি মন্ত্ৰীগৰাকীয়ে বিশ্বশান্তিৰ কামনা কৰে।
বীণাপাণি পূজা সমিতিৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখনি ফুলাম গামোছা, সম্বৰ্দ্ধনা পত্ৰ, বীণাপাণিৰ প্ৰতীক চিহ্ন, স্মৃতিগ্ৰন্থ প্ৰদান কৰি উষ্ম আদৰণি জনোৱা হয়। তেখেতক আদৰণি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত আদৰণি সভাখনি সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীণাপাণি মন্দিৰৰ উন্নয়নৰ বাবে বীণাপাণি সাংস্কৃতিক সমিতিক অসম চৰকাৰৰ পুঁজিৰ পৰা দহ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। তেখেতৰ এই পদক্ষেপত উপস্থিত সকলো ৰাইজ অতি আনন্দিত হয়।
উল্লেখ্য যে, শুকুৰবাৰে নগাঁৱত নৱনিৰ্মিত দলং উদ্ঘাটন, নলা নিৰ্মাণৰ আধাৰশিলা স্থাপনকে ধৰি বহুকেইটা উন্নয়নমূলক কামৰ শুভাৰম্ভণিৰ উদ্দেশ্যে নগাঁৱলৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যাত্ৰাত সংগ দিয়ে স্বতন্ত্ৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাই। তেওঁলোকেও বীণাপাণি মন্দিৰত মা দুৰ্গাৰ চৰণত সেৱা জনায়।
ليست هناك تعليقات:
إرسال تعليق