হাতে কামে ঃ যিকোনো কাম এটা হাতে কামে লাগিলে সুচাৰুৰূপে সম্পন্ন হয়।
নিয়ম-শৃংখলা ঃ নিয়ম-শৃংখলা মানি চলাটোও সফল জীৱনৰ এটি আধাৰ।
দিনে-নিশাই ঃ ৰিজুৱে দিনে-নিশাই কৰা কষ্টৰ ফলতেই আজি সুদিন দেখিবলৈ পাইছে।
খেতি-বাতি ঃ খেতিয়কে সময়ত খেতি-বাতি কৰিলেহে আমি সকলোৱে দুবেল- দুমুঠি খাবলৈ পাওঁ।
আনন্দ-উল্লাস ঃ গাঁৱৰ ডেকা-গাভৰুসকলে আনন্দ-উল্লাসৰ মাজেৰে বিহুখন পাতিলে।
ডাঙৰ-দীঘল ঃ মা-দেউতাই বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আমাক
ডাঙৰ-দীঘল কৰে।
সুখ-সমৃদ্ধি ঃ সুখ-সমৃদ্ধিৰে ভৰা এটা জীৱন সকলোৰে কাম্য।
১১। কিয় মূৰ্দ্ধন্য 'ণ ' হৈছে লিখা ঃ
বৰষুণ ঃ একেটা পদতে থকা 'ঋ' 'ৰ' 'ষ' ৰ পাছত থকা দন্ত্য 'ন' 'ণ' হৈছে।
পৰিমাণ ঃ 'ৰ' বৰ্ণৰ পাছত এটাতকৈ অধিক বৰ্ণ থাকিলে 'ণ' হয়।
ৰূপায়ন ঃ উত্তৰ, পৰ, নাৰ, চন্দ্ৰা, ৰূপা আদি শব্দৰ পাছত যোগ হোৱা 'অয়ন' শব্দৰ দন্ত্য দন্ত্য 'ন' 'ণ' হয়।
১২। তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখা ঃ
মুক্ত ঃ মুকলি
বায়ু ঃ পৱন
বৃহৎ ঃ বিয়াগোম
পানী ঃ জল
গছ ঃ তৰু
চকু ঃ নয়ন
গাঁও ঃ গ্ৰাম
১৩। তলৰ উপসৰ্গকেইটাৰে একোটাকৈ শব্দ গঠন কৰা ঃ
প্ৰতি ঃ প্ৰতিকাৰ
অধি ঃ অধিকাৰ
উপ ঃ উপহাৰ
অৱ ঃ অৱদান
দূৰ ঃ দূৰ্গম
*******
No comments:
Post a Comment