Sunday, September 27, 2020

৯নং প্ৰশ্নঃ বহলাই, বুজাই লিখা (পাঠ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন) (CLASS 9 ASSAMESE)

(ক) বাৰটা মাহত তেৰটা খেতি। 
উত্তৰ ঃ প্ৰশ্নোৰ্দ্ধৃত কথাফাকিৰ দ্বাৰা প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰাৰ কথা বুজোৱা হৈছে। খেতিয়কে যদি প্ৰতি মাহে এটাকৈ খেতি কৰে তেনেহ'লে বাৰটা মাহত মুঠ খেতিৰ সংখ্যা বাৰটা হ'ব। অৰ্থাৎ এবছৰত সাধাৰণতে এজন খেতিয়কে ১২টাকৈ খেতি কৰিব পাৰে। কিন্তু এনে কিছু পৰিশ্ৰমী খেতিয়কো আছে যিসকলে মূৰৰ ঘাম মাটিত পেলাই অহৰহ কষ্ট কৰি বছৰৰ মুঠ মাহতকৈও অধিক সংখ্যাত খেতি কৰি অধিক উৎপাদন কৰিব পাৰে। আৰু তেওঁৰ সেই কষ্টৰ বিনিময়ত উৎপাদিত সামগ্ৰী বিক্ৰী কৰি খেতিয়কজনে আন দহজন খেতিয়কতকৈ অধিক ধন লাভ কৰিব পাৰে। কষ্ট কৰিব পৰা বয়সত কষ্ট কৰি বহুলোকে অধিক অৰ্থ উপাৰ্জন কৰি নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে। আনহাতে কিছুমান এলেহুৱা অকৰ্মী লোকে সময়ত কষ্ট নকৰা, কাম নকৰাৰ ফলত  পেটে-ভাটে খাই থাকিবলৈকো নোৱাৰা হয়। প্ৰশ্নোৰ্দ্ধৃত বাক্যশাৰীৰে এইটোৱেই বুজাব বিচৰা হৈছে যে, আনৰ হাতলৈ মুখলৈ চাই নাথাকি সময়ত কষ্ট কৰি বাৰটা মাহত তেৰটা খেতি অথবা কৰ্ম কৰি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিলে তেনেলোকৰ ভৱিষ্যত সুখকৰ আৰু মধুময় হোৱাটো নিশ্চিত। অৰ্থাৎ পৰিশ্ৰমী লোকে কেতিয়াও কামৰ সময় হিচাপ নকৰে। বৰঞ্চ পাৰ্যমানে চেষ্টা কৰি অধিক কৰ্মেৰে নিজৰ ভৱিষ্যত জীৱনলৈ সুখ আৰ্জে। 
(খ) স্বচ্ছ ভাৰত অভিযান 
উত্তৰ ঃ স্বচ্ছ ভাৰত অভিযান হৈছে এখন নিকা পাৰিপাৰ্শ্বিক অৱস্থাৰ ভাৰত গঢ়ি তোলা। ২০০৪ চনৰ ২ অক্টোবৰত সেই সময়ৰ প্ৰধানমন্ত্ৰীয়ে 'নিৰ্মল ভাৰত' নামেৰে এই অভিযানৰ আৰম্ভ কৰিছিল। ২০১৯ চনত পুনৰ মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীত জাতিৰ পিতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই স্বচ্ছতা অভিযানৰ আৰম্ভ কৰা হৈছিল। ২০০৪ চনতে স্বচ্ছতাৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছিল যদিও কাৰ্য্যতঃ সম্পূৰ্ণ হৈ উঠা নাছিল। সেয়েহে পুনৰ স্বচ্ছ ভাৰত অভিযান নামাকৰণেৰে স্বচ্ছতা অভিযানটি পৰিপূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। এই অভিযানৰ উদ্দেশ্য আছিল - গ্ৰামীণ এলেকাসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছতাক অগ্ৰাধিকাৰ দি জীৱন-যাপনৰ মান উন্নীত কৰা, দ্ৰুতগতিত অনাময় ব্যৱস্থাৰ উন্নীতকৰণ কৰা, বিদ্যালয়, কাৰ্য্যালয় আদি ৰাজহুৱা অনুষ্ঠানসমূহৰ স্বচ্ছতা বাধ্যতামূলক কৰা আদি। আঁচনিখনে বিশেষকৈ ভাৰতৰ প্ৰতিগৰাকী নাগৰিকক স্বচ্ছতাৰ প্ৰতি সজাগ কৰি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তাৰবাবে বিভিন্ন সজাগতামূলক অনুষ্ঠানো চৰকাৰে অনুষ্ঠিত কৰিছে। স্বচ্ছতাৰ পৰিৱেশ কেতিয়াও এজন ব্যক্তি তথা চৰকাৰে গঢ়ি তুলিব নোৱাৰে। ইয়াৰ বাবে প্ৰতিগৰাকী সচেতন ব্যক্তিৰ সহযোগিতা অপৰিহাৰ্য্য। গতিকে স্বচ্ছ ভাৰত অভিযানক সফল কৰি তুলিবলৈ আমি প্ৰত্যেকেই নিজক আৰু নিজৰ পৰিৱেশ স্বচ্ছ কৰি তোলাৰ প্ৰতি হাত উজান দিব লাগিব। তেতিয়াহে হয়তো এই অভিযানে এসময়ত সফলতা অৰ্জন কৰিব পাৰিব। আৰু তেতিয়াই আমি প্ৰকৃততে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰ্যতঃ সফল হ'ম। 
(গ) সামাজিক মাধ্যম। 
উত্তৰ ঃ যি মাধ্যমৰ দ্বাৰা ৰাইজক জড়িত কৰিব পাৰি তাকে সাধাৰণ অৰ্থত সামাজিক মাধ্যম বুলি কোৱা হয়। বৰ্তমান সময়ত সামাজিক মাধ্যম হৈছে ইন্টাৰনেট নেটৱৰ্কিং বা ৱেব প্ৰযুক্তিৰ সহায়ত চলা এটি ধাৰা। পৃথিৱীৰ বিভিন্ন ঠাইত থকা মানুহৰ সৈতে সংযোগ স্থাপনৰ এক মাধ্যম হৈছে সামাজিক মাধ্যম বা ছ'ছিয়েল মিডিয়া। প্ৰযুক্তিবিদ্যাৰ ব্যাপক উন্নয়নৰ ফলত পৰিৱৰ্তিত সমাজ ব্যৱস্থাত সামাজিক মাধ্যমৰ ভূমিকা অনস্বীকাৰ্য্য। এই মাধ্যমসমূহৰ জৰিয়তে মানৱী সম্পৰ্ক, সাহিত্য-সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, সমাজনীতি আদি সকলো বিষয়ৰ সমন্বয় সাধন হ'বলৈ ধৰিছে। প্ৰত্যেক ব্যক্তিয়ে বাক্‌ স্বাধীনতাৰ সহায়ত নিজৰ চিন্তা-ধাৰণা, যুক্তি সমাজলৈ আগবঢ়াব পৰা হৈছে। ফেচবুক, টুইটাৰ, হুৱাট্‌ছএপ, ইনষ্ট্ৰাগাম আদি সামাজিক মাধ্যমৰ অতি প্ৰচলিত উদাহৰণ। এই মাধ্যমসমূহৰ দ্বাৰাই বৰ্তমান আমি বিশ্ব সাহিত্য, বিশ্বৰ বাতৰি, বিশ্বৰ শিল্প-সংস্কৃতি কেৱল ঘৰতে থাকি উপভোগ কৰিব পৰা হৈছো। নিজেই বিশ্বৰ বুকুলৈ নিজৰ প্ৰতিভা, মনোভাৱ বিলাই দিব পাৰিছো। গতিকে স্বাভাৱিকতেই সামাজিক মাধ্যম এক দৰকাৰী মাধ্যম। কিন্তু কোনো কোনো দুষ্টচক্ৰই এই মাধ্যমসমূহৰ অপব্যৱহাৰ কৰি দুৰ্নীতিত লিপ্ত হোৱাৰো ঘটনা পৰিলক্ষিত হয়। যিটো অতি দুৰ্ভাগ্যজনক। গতিকে যদি সামাজিক মাধ্যমক আমি সৎ কৰ্মত ব্যৱহাৰ কৰো, তেন্তে ই আমাৰ বাবে, সমাজৰ বাবে অতিশয় লাভজনক। 

*********

No comments:

Post a Comment

Featured Post

সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান

১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...