Saturday, September 18, 2021

সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান


১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভিন্ন সামাজিক তথা ধাৰ্মিক কামত নিমজ্জিত হৈ থকা  অতি সৰল, আতিথ্যপৰায়ণ আইগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৭২ বছৰ। বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যুৰ শীতল কোলাক আকোঁৱালি লোৱা তেখেতে দুই পুত্ৰ-বোৱাৰী আৰু দুই নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, মাত্ৰ এবছৰ পূৰ্বে স্বৰ্গগামী হোৱা বৰবায়ন ভৱকান্ত কলিতাৰ তেখেত আছিল সুযোগ্যা পত্নী। নগাঁৱৰ আমোলাপট্টিস্থিত স্মশানত স্থানীয় ৰাইজৰ উপস্থিতিত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুত অঞ্চলৰ সমূহ ৰাইজ তথা শুভাকাংক্ষীসকলে শোকপ্ৰকাশ কৰে। 




No comments:

Post a Comment

Featured Post

সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান

১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...