ভাব বিষয়ক
১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল ?
উত্তৰ ঃ হীৰেণ ভট্টাচাৰ্য্যৰ জন্ম যোৰহাটত হৈছিল।
(খ) হীৰেণ ভট্টাচাৰ্য্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ ঃ হীৰেণ ভট্টাচাৰ্য্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন।
(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে ?
উত্তৰ ঃ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।
২। 'মোৰ দেশ' কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰ ঃ 'মোৰ দেশ' কবিতাটোৰ মাজেৰে কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ নিজৰ দেশৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা তথা স্বদেশপ্ৰেম ফুটি উঠিছে। নিজৰ দেশখন কবিৰ প্ৰাণতকৈও আপোন, নিজৰ গানতকৈও অতীব আপোন। কবিৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই কেৱল নিজৰ দেশৰ বুকুত সোণোৱালী সপোন ৰচে। তেওঁ যি কৰ্ম কৰিছে, সেয়া কেৱল আপোন দেশখনৰ উজ্জ্বল ভৱিষ্যতৰ বাবেই। কবিয়ে কামৰ খাতিৰতে হওঁক অথবা ফুৰিবলৈকে হওঁক বিভিন্ন দেশৰ অৰঙে-দৰঙে ঘূৰিছে। বিভিন্ন বন্ধু-বান্ধৱক লগ পাইছে, তেওঁলোকৰ সৈতে মনৰ কথা পাতিছে, আন-আন দেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিছে।তথাপি তেওঁৰ কাণত বাজি উঠে নিজৰ দেশখনৰ মৌ-বৰষা ভাষা। আপোন মানুহৰ কাতৰ আহ্বান। আন দেশৰ কোনো অপৰূপ সৌন্দৰ্য্যই যেন কবিৰ মনক বান্ধি ৰাখিব পৰা নাই। বাৰে-বাৰে তেওঁৰ মনটোক ঘূৰাই আনে নিজৰ দেশখনৰ বুকুলৈ। সেয়েহে তেওঁ বহু যাত্ৰাৰ শেষত পুনৰ আপোন দেশখনলৈ ঘূৰি আহে। যিখন দেশত তেওঁ জীৱনৰ অৰ্থ বিচাৰি পায়, ভালপোৱাৰ আনন্দ অনুভৱ কৰে আৰু স্বদেশেৰ কোমল পুৱাই যেন কবিৰ বাবে কঢ়িয়াই আনে ঐশ্বৰ্য্য-বিভূতিৰ সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস বিয়পায়। নিজৰ দেশৰ প্ৰতিটো ঋতুৱে কবিৰ বাবে কঢ়িয়াই আনে জীৱনৰ আশীৰ্বাদ। তেওঁ কেৱল জীয়াই আছে নিজৰ দেশখনৰ বাবে, নিজৰ দেশৰ মানুহবোৰৰ বাবে। স্বদেশৰ ৰণুৱা, বণুৱা, হালোৱা সকলোৰে মাজত কবিয়ে নিজক বিচাৰি পায়। সেয়েহে কবিয়ে আমৰণ স্বদেশক ভাল পাই যাব। অনৈক্য, বিৰোধক ৰোধ কৰি কবিয়ে স্থাপন কৰিব ঐক্য আৰু সংহতি। কবিয়ে নিজৰ দেশৰ সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিব খোজে। শত্ৰু-মিত্ৰ সকলোকে যিহেতু কবিয়ে চিনি পাই, গতিকে তেওঁলোকৰ মাজত সংহতি স্থাপন কৰি নিজৰ দেশত শান্তি বিয়পাবলৈ কবিয়ে আপ্ৰাণ চেষ্টা কৰিছে আৰু অনাগত দিনতো কৰি যোৱাৰ আশা কৰিছে। তেওঁৰ যি আছে সৰ্বস্ব স্বদেশৰ বাবে উছৰ্গা কৰি সাগৰৰ গভীৰতা আৰু পৰ্বতৰ ওখ শৃংগ স্পৰ্শ কৰাৰ কঠিনতাক নেওচি তেওঁ স্বদেশত শান্তি প্ৰতিষ্ঠা কৰিব। কবিতাটোৰে মাজেৰেই কবিয়ে আপোন দেশখনক শ্ৰদ্ধা জ্ঞাপন কৰি দেশপ্ৰেমৰ ভাৱ প্ৰকাশ কৰিছে। এয়ে কবিতাটিৰ মূলভাৱ।
৩। ব্যাখ্যা কৰা ঃ
(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰ ঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত `মোৰ দেশ' কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেন ভট্টাচাৰ্য।
কবিতাফাঁকি মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে।
আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতি- ধৰ্মালম্বী লোকৰ বাসস্থান। ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাৰ মাজতে নিজৰ অস্তিত্ব অনুভৱ কৰে। গতিকে সকলোকে একত্ৰিত কৰি একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰিছে। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ সদা সচেতন প্ৰহৰীস্বৰূপ কবিয়ে স্বদেশৰ হৈ কাম কৰি, স্বদেশৰ বাবে চিন্তা কৰি জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৰে মাজত সংহতি স্থাপন কৰিবলৈ মৰণপণ কৰিছে। কবিৰ এই স্বদেশপ্ৰীতিয়েই সংহতিৰ সম্ভাৱনাক সফল কৰি তুলিব বুলি আশাবাদী।
(খ) মোৰ জীৱনৰ আঁহে আঁহে,
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উত্তৰ ঃ উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা `মোৰ দেশ'ৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে নিজৰ দেশখনৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰাৰ প্ৰসঙ্গত কবিতাফাকি অৱতাৰণা কৰিছে। কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোণ কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। যিখন দেশত কবিৰ জীৱন-যৌৱন নিহিত হৈ আছে, সেইখন দেশৰ উন্নতি তথা শান্তি কবিৰ সদায় কাম্য। তেওঁৰ শয়নে-সপোনে কেৱল স্বদেশৰ সুৰীয়া গান, সুৰীয়া ভাষা গুঞ্জৰিত হৈ থাকে। যিয়ে কবিক স্বদেশৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। প্ৰকৃতাৰ্থত কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।
৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা।
উত্তৰ ঃ `মোৰ দেশ' কবিতাটি কবি হীৰেণ ভট্টাচাৰ্যৰ এটি স্বদেশপ্ৰেমমূলক কবিতা।
কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতিৰ বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে।সেইবাবেই তেওঁ বহু যাত্ৰাৰ শেষত পুনৰ স্বদেশলৈ উভতি আহিছে। নিজৰ দেশখনৰ উন্নতি তথা শান্তিৰ বাবে মৰণপণ কৰিছে।এনেদৰেই কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।
৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰঃ- প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।
৬। শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে?
উত্তৰ:- শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে - ভৰাঁলৰ এমুঠি ধান, পৰানৰ একোটি গান।
ভাষা-বিষয়ক ঃ
৭। সমাৰ্থক শব্দ লিখা ঃ
দেশ - ৰাষ্ট্ৰ
কাম - কৰ্ম
কলৰোল - কলৰৱ
সাগৰ - সমূদ্ৰ
সপোণ - স্বপ্ন
বন্ধু - মিত্ৰ
শেষ - সমাপ্ত
সম্ভাৰ - সামগ্ৰী
শইচ - শস্য
বুকু - হৃদয়
তৰংগ - ঢৌ
কল্লোল - কলৰৱ
৮। বিপৰীতাৰ্থক শব্দ লিখা:
সপোন - দিঠক
দেশ - বিদেশ
জীৱন - মৰণ
পাহাৰ- ভৈয়াম
ঐক্য - অনৈক্য
সংহতি - বিৰোধ
শয়ন - জাগৰণ
বিশ্বাস - অবিশ্বাস
শত্ৰু - মিত্ৰ।
Prepared by Pabitra Bora
7002914725
******