এই ব্লগটি হৈছে এক মাধ্যম আমাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ। শিক্ষা আৰু সংস্কৃতিৰ টুকুৰা খবৰ আপোনাৰ কাষলৈ লৈ যাব এই ব্লগটিয়ে। শিক্ষাৰ্থী সকলকো শিক্ষাৰ সমল আগবঢ়াই যাবলৈ প্ৰয়াস কৰিব ব্লগটোৱে। আছুতীয়া সাক্ষাৎকাৰৰ যোগেদি জানিব পাৰিব বিভিন্ন গণ্য-মান্য ব্যক্তিৰ ব্যক্তিগত জীৱন। যি হয়তো কাৰোবাৰ বাবে হ'ব প্ৰেৰণাৰ উৎস।
Monday, September 28, 2020
সময়োপযোগী চিন্তা : অনলাইন পৰীক্ষা আৰু শিক্ষক-শিক্ষাৰ্থী-অভিভাৱক
Sunday, September 27, 2020
ভাষা বিষয়ক (পাঠ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন) (CLASS 9 ASSAMESE)
৯নং প্ৰশ্নঃ বহলাই, বুজাই লিখা (পাঠ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন) (CLASS 9 ASSAMESE)
প্ৰশ্ন নং ৮ (পাঠ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন) (CLASS 9 ASSAMESE)
প্ৰশ্ন নং ৬ আৰু ৭ (পাঠ- পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন) (CLASS 9 ASSAMESE)
Saturday, September 26, 2020
প্ৰশ্ন নং ৪ আৰু ৫ (পাঠ- পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন) CLASS 9 ASSAMESE
উত্তৰ ঃ 'কিৰণ নিধি যোজনা' পিপলান্ত্ৰি গাঁওখনক পুনৰুজ্জীৱিত কৰি তোলা তথা গাঁওখনৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালে তেওঁৰ কন্যা মৃত কিৰণৰ স্মৃতিত প্ৰৱৰ্তন কৰা এখন জনকল্যাণমূলৰ আঁচনি। এই আঁচনিখনৰ অধীনত পিপলান্ত্ৰি গাঁৱত কন্যা সন্তান জন্মিলে গাঁৱৰ ৰাইজে কন্যাগৰাকীৰ নামত ১১১টা গছপুলি ৰোপণ কৰে।
এই যোজনাৰ অধীনত গঞা ৰাইজে চাৰিটা বিশেষ দায়িত্ব পালন কৰিব লাগে। সেইকেইটা হ'ল - (১) কন্যা সন্তানক ল'ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা, (২) পানী সংৰক্ষণ কৰা, (৩) গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু (৪) খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা।
৫। কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল ?
উত্তৰ ঃ আমাৰ দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও কন্যা সন্তানৰ প্ৰতি বৈষম্যৰ ভাব পোষণ কৰা হয়। ইয়াৰ ব্যতিক্ৰম নাছিল পিপলান্ত্ৰি গাঁওখনো। এই গাঁৱতো ভ্ৰূণ হত্যাৰ দৰে মহাপাপ সংঘটিত হৈ আহিছিল। কিন্তু গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ বিশেষ পদক্ষেপত গাঁওখনৰ মানুহৰ মনোভাৱ সলনি হৈছিল আৰু ছোৱালী সন্তানে যেন হেৰুৱা সন্মান ঘূৰাই পাইছিল। তেওঁৰ আহ্বানতে গাঁৱত ছোৱালী সন্তান জন্ম হ'লে দুখ কৰা সলনি আনন্দ-উল্লাস কৰি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা হয়। নৱজাতক কন্যাগৰাকীৰ নাম গঞা ৰাইজে ১১১টা গছপুলি ৰোপণ কৰে আৰু সেই কন্যা সন্তানৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শ্যাম সুন্দৰে কেইটামান নিয়ম বান্ধি দিছিল। সেই নিয়মসমূহ আছিল এনেধৰণৰ -
(১) গাঁৱৰ কোনো লোকে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব।
(২) ছোৱালীজনীক যেনেদৰে আলফুলে তুলি-তালি ডাঙৰ কৰা হ'ব, সেই একেই মৰম-চেনেহ আৰু যত্নৰে ১১১টা গছপুলিকো প্ৰতিপালন কৰিব লাগিব।
(৩) কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।
(৪) কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্যবিবাহ সম্পন্ন কৰিব নোৱাৰিব।
(৫) কন্যা সন্তানৰ জন্মৰ সময়ত গাঁৱৰ ৰাইজে ২১,০০০ টকা সংগ্ৰহ কৰিব আৰু পিতৃ-মাতৃৰ পৰা ১০,০০০ টকা লৈ ছোৱালীগৰাকীৰ নামত বেংকত ফিক্সড ডিপ'জিট কৰাও গাঁওখনত এক প্ৰথা আছে। সেই প্ৰথা যাতে কোনো কাৰণত ব্যাহত নহয়, তাৰবাবে শ্যাম সুন্দৰে নিয়ম বান্ধি দিছিল যে, বেংকত থোৱা ৩১,০০০ টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব।
(৬) ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰো গাঁৱৰ সম্পত্তি হ'ব।
তেওঁৰ দ্বাৰা নিৰ্দ্ধাৰিত ষ্টাম্প পেপাৰত লিপিৱদ্ধ এই নিয়মৰ চুক্তিত স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে। এনেদৰেই কঠোৰ নিয়মেৰে শ্যাম সুন্দৰ পালিৱালে কন্যাসকলক সুৰক্ষা দিছিল।
*********
প্ৰশ্নোত্তৰ ২ আৰু ৩ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন (CLASS 9 ASSAMESE)
উত্তৰ ঃ পিপলান্ত্ৰি গাঁওখন প্ৰাকৃতিক সম্পদত চহকী আছিল। সেইবাবে গাঁওখনৰ ডাঙৰ-ডাঙৰ ব্যৱসায়ীসকলে মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰিছিল। এই মাৰ্বল পাথৰৰ বাবেই গাঁওখনে গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত স্থান লাভো কৰিছিল। কিন্তু পৰিতাপৰ বিষয় এয়ে যে, মাৰ্বলৰ বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে-লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰৰ আহৰণৰ বাবেই খনিবোৰত দিনে-নিশাই কাম চলিবলৈ ধৰিলে। ফলত পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈ গছ-গছনি, বৰষুণ, বিশুদ্ধ বতাহ আদি নোহোৱা হৈ পৰিছিল।
৩। শ্যাম সুন্দৰ পালিৱাল কোন ? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখাঁ।
উত্তৰ ঃ ৰাজছমন্দ জিলাৰ পিপলান্ত্ৰি গাঁৱৰ এগৰাকী বাসিন্দা আছিল শ্যাম সুন্দৰ পালিৱাল। ২০০৫ চনত তেওঁ সেই গাঁৱৰে মুখীয়ালোঁ আছিল।
পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত শ্যাম সুন্দৰ পালিৱাৰ অৱদান অনস্বীকাৰ্য্য। একাংশ লোভী মাৰ্বল ব্যৱসায়ীয়ে মাৰ্বলৰ খনিৰ পৰা মুনাফা লুটাৰ উদ্দেশ্যে দিনে-নিশাই খনিত কাম কৰিবলৈ লোৱাত পিপলান্ত্ৰি গাঁওখনৰ প্ৰকৃতি ক্ৰমাৎ ধ্বংসমুখী হৈছিল। পৰিৱেশ প্ৰদূষণৰ বাবে গাঁওখনৰ পৰা গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তু প্ৰায় লুপ্তপ্ৰায় হৈ পৰিছিল। আনকি বৰষুণৰ অভাৱত গাঁওখনৰ ভূ-গৰ্ভৰ পানী নাইকিয়া হৈ পৰিছিল। পানীৰ অভাৱত খেতি-বাতি নোহোৱা হৈ পৰিছিল। এই দুৰ্ভিক্ষৰ পৰা পৰিত্ৰাণ পাবলৈকে গাঁৱৰ প্ৰায় বাসিন্দা গাঁও এৰি গুছি গৈছিল। ছয়বছৰতে মাতৃহাৰা হোৱা শ্যাম সুন্দৰ পালিৱালেও গাঁও এৰি গুছি গৈছিল যদিও গাঁওখনৰ হৃদয়বিদাৰক সমস্যাবোৰে যেন তেওঁক হাতবাউলি মাতিছিল। সেইবাবেই এটা সময়ত শ্যাম সুন্দৰ গাঁৱলৈ উভতি আহিছিল। উভতি অহাৰ পাছত তেওঁ দেখিছিল যে, গাঁওখনৰ অৱস্থা আৰু বেছি বেয়ালৈ ঢাল খাইছিল। ভূ-গৰ্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। তেনেসময়তেই তেওঁক গাঁৱৰ মুখিয়ালৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। হঠাৎ এদিন শ্যাম সুন্দৰৰ জীয়ৰী কিৰণৰ অসুস্থতাৰ বাবেই মৃত্যু হৈছিল। ক'ৰবাত কিৰণৰ মৃত্যুৰ বাবেও যেন দায়ী ৰুষ্ট প্ৰকৃতি। তথাপি শোকত ম্ৰিয়মান শ্যাম সুন্দৰে নিয়তিৰ ইচ্ছা বুলি গণ্য কৰিয়েই জীয়ৰীৰ স্মৃতিত এটি গছপুলি ৰোপণ কৰিছিল আৰু সেইদিনাই মুখিয়াল হিচাপে তেওঁ গাঁৱত কন্যা সন্তান জন্মিলে ১১১ টা গছপুলি ৰোপণৰ নিয়ম প্ৰৱৰ্তন কৰে। লগতে গাঁওবাসীক চাৰিটা দায়িত্বও দিলে - (১) কন্যা সন্তানক ল'ৰা সন্তানৰ সমানেই প্ৰতিপালন, (২) পানী সংৰক্ষণ কৰা, (৩) গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু (৪) খেতি-বাতিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা। তেওঁ জানিছিল যে, গাঁৱৰ পৰিৱেশ উন্নত হ'বলৈ হ'লে গছ লাগিবই। কিয়নো গছে কেৱল সেউজীয়া পৰিৱেশেই সৃষ্টি নকৰে, ই মাটি সাৰুৱা কৰে আৰু ভূ-গৰ্ভৰ পানী ওপৰলৈ আনে। তেওঁৰ এই পদক্ষেপক গাঁওবাসীয়ে আদৰি ল'লে। অৱশেষত গাঁওখনলৈ যেন প্ৰাণ পুনৰ ঘূৰি আহিল। পিপলান্ত্ৰি গাঁৱত গছ-গছনি ৰোপণৰ ফলত বিশুদ্ধ বতাহ ব'বলৈ ধৰিলে, যথা সময়ত প্ৰয়োজন অনুসাৰে বৰষুণ পৰিবলৈ ধৰিলে, খেতি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পালে। আনকি গাঁওখনত অতীজৰে পৰা প্ৰচলিত হৈ অহা কন্যা সন্তানৰ প্ৰতি অৱহেলাৰ ভাৱো গাঁওবাসীৰ মনৰ পৰা দূৰ হ'ল। যাৰফলত কন্যা সন্তানৰ ভ্ৰূণ হত্যা ক্ৰমাৎ নোহোৱা হৈ পৰিল। কাৰণ তেওঁ কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে আন এক আঁচনিও গ্ৰহণ কৰিছিল। তেওঁ প্ৰৱৰ্তন কৰিছিল যে, কন্যা সন্তানৰ জন্মৰ দিনাই গাঁওবাসীয়ে ২১,০০০ টকা তোলে আৰু মাক-দেউতাকৰ পৰা ১০,০০০ টকা সংগ্ৰহ কৰি বেংকত ফিক্সড ডিপজিট কৰে আৰু সেই ধন ছোৱালীগৰাকী ডাঙৰ হৈ পঢ়া-শুনা কৰি বিবাহোপযোগী হ'লে সেই ধন ব্যৱহাৰ কৰিব পাৰে। শ্যাম সুন্দৰ পালিৱালৰ এই সুদূৰপ্ৰসাৰী চিন্তা আৰু আঁচনিয়ে পিপলান্ত্ৰি গাঁওখনক নতুন ৰূপ দিলে। এই খবৰ সংবাদ-মাধ্যম, সামাজিক মাধ্যমৰ দ্বাৰা গোটেই বিশ্বতে বিয়পি পৰিল। গতিকে যথাৰ্থতে ক'ব পাৰি যে, শ্যাম সুন্দৰ পালিৱালৰ অনবদ্য অৰিহনাৰ বাবেই গাঁওখন পৃথিৱীবিখ্যাত হৈ পৰিছিল।
**********
সাৰাংশ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন (CLASS 9 ASSAMESE)
"পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন" - পাঠটিৰ সাৰাংশ
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটোত দুটা গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভূক্ত হৈছে। এটা হ'ল - গছ-গছনিৰ প্ৰয়োজনীয়তা তথা প্ৰকৃতিৰ ওপৰত মানৱ জাতিৰ নিৰ্ভৰশীলতা আৰু দ্বিতীয় বিষয়টি হ'ল ছোৱালী সন্তানৰ ভ্ৰুণ হত্যা ৰোধ কৰা। ভাৰতবৰ্ষত এতিয়াও ঠায়ে-ঠায়ে কন্যা সন্তানৰ জন্ম হ'লে হত্যা কৰাৰ প্ৰথা চলি আহিছে। এই পাঠটোৰ উল্লেখিত গাঁওখনে কিন্ত এই প্ৰথাটো ৰোধ কৰাত সম্পূৰ্ণৰূপে সফল হৈছে। যাৰ বাবে সেই নিৰ্দিষ্ট গাঁওখন বিশ্ববিখ্যাত হৈ পৰিছে।
এতিয়া মই পাঠটোৰ মূল ব্যাখ্যালৈ আহিছোঁ। পাঠটোত উল্লেখিত সম্পূৰ্ণ ঘটনাক্ৰম সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এখন গাঁৱৰ সফলতাৰ কাহিনী পাঠটোত প্ৰতিফলিত হৈছে বুলি ইতিমধ্যে তোমালোকে জানিব পাৰিছা। সেই গাঁওখন ক'ৰ জানানে ? ৰাজস্থানৰ ৰাজমছন্দ জিলাৰ অন্তৰ্গত ৰাজপুত ৰজা মহাৰাণা প্ৰতাপৰ জন্মস্থান উদয়পুৰৰ পৰা ৭ কিলোমিটাৰ নিলগত অৱস্থিত পিপলান্ত্ৰি গাঁও। এই ধ্বংসমুখী গাঁওখন কেনেদৰেনো পুনৰ সজীৱ হৈ বিশ্ববিখ্যাত হৈ পৰিল, সেই কথাই পাঠটোত লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোঁহাঞিদেৱে উল্লেখ কৰিছে। তোমালোকে পাঠটো পঢ়িলে জানিব পাৰিবা যে, পিপলান্ত্ৰি নামৰ গাঁওখন বৰ্তমান আদৰ্শ গাৱলৈ পৰিগণিত হৈছে। যদিও কিছুবছৰ আগলৈকে গাঁওখনৰ মানুহে পৰিৱেশ প্ৰদূষণ, খেতি-বাতিৰ বাবে পানীৰ অভাবত ভূগিছিল। গাঁওখন প্ৰাকৃতিক সম্পদত চহকী আছিল। যাৰ বাবে গাঁওখনৰ ডাঙৰ-ডাঙৰ ব্যৱসায়ীসকলে মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰি এই মাৰ্বল পাথৰৰ বাবেই গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰি গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এই বাৰ্তাৰে গাঁওখন পৰিচিত হৈছিল সচাঁ। কিন্তু সমানে-সমানে গাঁওখনলৈ নামি আহিছিল যেন কাল অমানিশা।
হয়, মাৰ্বলৰ বৃহত্ খনিবোৰৰ ফলত গাঁওখনত প্ৰকৃতি ধ্বংস হৈছিল। প্ৰাকৃতিক সম্পদবোৰ ব্যৱসায়ীসকলে লাভ কৰি অধিক লোভী হৈ পৰিছিল। যাৰবাবে দিনে-নিশাই খনিবোৰত কাম চলিছিল। ইয়াৰ ফলত গাঁৱৰ পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰিছিল। প্ৰকৃতি যেন ৰুষ্ট হৈ পৰিছিল। মানুহে অকণমান বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল। গছ-গছনি ব্যৱসায়ীসকলে অনিষ্ট কৰিবলৈ লোৱাত ক্ৰমান্বয়ে গাঁওখনত গছ-গছনিৰ সংখ্যা কমি আহিবলৈ ধৰিলে। আৰু আমি সকলোৱে জানো, গছ-গছনি কমি অহাৰ লগে-লগে বৰষুণ কমি আহে। সেই দশাই হৈছিল পিপলান্ত্ৰি গাঁওখনত। পানীৰ অভাৱত খেতি-বাতি নোহোৱা হৈছিল। ফলত গাঁওখনত দুৰ্ভিক্ষই দেখা দিছিল। আনকি নতুনৈ বৰষুণ নোহোৱাৰ বাবে নৈ, জলাশয় আদিৰ পানীবোৰ দূষিত হৈছিল। এই দূষিত পানীকেই গাঁওবাসীয়ে খাবলৈ লোৱাত বিভিন্ন বেমাৰ-আজাৰ হৈছিল। গছ-গছনিৰ অভাৱত ভূ-গৰ্ভৰ পানীৰ স্তৰো তললৈ নামি গৈছিল, চৰাই-চিৰিকতি, জীৱ-জন্তু নোহোৱা হৈ পৰিছিল। মুঠতে গোটেই গাঁওখন ধ্বংসৰ গৰাহত পৰিছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওখনৰ কিছু কিছু মানুহে গাঁও এৰি আনঠাইলৈ ঢাপলি মেলিব লগা হৈছিল।
কিন্তু বৰ্তমান গাঁওখন অতি জনপ্ৰিয় আৰু বিশ্ববিখ্যাত হৈ পৰা কাৰণটো হ'ল ধ্বসমুখী গাঁওখনে পুনৰ ফলে-ফুলে জাতিষ্কাৰ হৈ নকৈ প্ৰাণ পাই উঠিল। এই কঠিন কাম কেনেদৰে সম্ভৱপৰ হ'ল জানানে ? এগৰাকী ব্যক্তিৰ প্ৰৱল ইচ্ছাশক্তি, জ্ঞান, ধ্যান আৰু সাধনাৰ বলত। সেই ব্যক্তিগৰাকী হ'ল শ্যাম সুন্দৰ পালিৱাল। তেওঁ যেতিয়া জন্ম হৈছিল তেতিয়া গাঁওখনৰ অৱস্থা নিচেই দুখলগা আছিল। জীৱন সংগ্ৰামৰ বাবে তেৱোঁ ঘৰ এৰি গৈছিল যদিও গাঁওখনৰ হৃদয়বিদাৰক ছৱিয়ে তেওঁক আমনি কৰিছিল। ফলতে শ্যাম সুন্দৰে পুনৰ গাঁৱলৈ ঘূৰি আহিছিল। তেওঁ ঘূৰি আহিও গাঁওখনৰ অৱস্থা আৰু অধিক বেয়াৰ ফালে ঢাল খোৱাহে দেখিছিল। ভূ-গৰ্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। ২০০৫ চনত শ্যাম সুন্দৰে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰিছিল। যদিও তেওঁ বিশেষ একো কৰিব পৰা নাছিল। কিন্তু এদিনৰ এটা ঘটনাই সকলো সলনি কৰি দিছিল। তেওঁৰ অসুখত ভূগি থকা কন্যা সন্তান কিৰণৰ মৃত্যু হৈছিল। এই মৃত্যুৰ কাৰণো প্ৰকৃততে প্ৰকৃতি ধ্বংসই আছিল যদিও শ্যাম সুন্দৰে নিয়তিৰ ইচ্ছা বুলি ধৰি লৈছিল আৰু কিৰণৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰিছিল। সেইদিনাই তেওঁ গাঁৱত এটা নিয়ম বান্ধি দিছিল যে, গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১-টা মূল্যৱান গছপুলি ৰোপণ কৰিব আৰু এই কামটো 'কিৰণ নিধি যোজনা'ৰ অধীনত সম্পন্ন হ'ব। এই সিদ্ধান্তটোৱে আচলতে গাঁওখনক নৱজীৱন দিলে। শ্যাম সুন্দৰৰ এই সিদ্ধান্তই প্ৰকৃতি নিৰ্মাণ কৰিলে, আমাৰ উশাহক যেন ৰক্ষা কৰিলে আৰু কন্যা সন্তান হত্যা কৰি অহা এটা মহাপাপ ৰোধ কৰিবলৈ সক্ষম হ'ল। তেওঁ কেৱল গছপুলিকেইটা ৰোপণ কৰাতেই দায়িত্ব সামৰা নাছিল। যিগৰাকী ছোৱালী জন্ম হোৱাৰ বাবে ১১১-টা পুলি ৰোপণ কৰিছিল, সেই কন্যাসন্তানগৰাকীৰ সমানে-সমানে ১১১-টা গছপুলিক লালন-পালন কৰাটোও বাধ্যতামূলক কৰিছিল। যাৰবাবে গাঁওখনৰ ৰুষ্ট প্ৰকৃতি শান্ত হৈ পুনৰ সজীৱ হৈ পৰিল। আৰু ভ্ৰুণ হত্যাৰ দৰে মহাপাপ নোহোৱা হৈ পৰিল। আনকি ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে জন্ম হোৱা ছোৱালীজনীৰ নামত গাঁৱৰ ৰাইজে ২১০০০ টকা তোলে আৰু মাক-দেউতাকৰ পৰা ১০,০০০ টকা লৈ বেংকত ফিক্সড ডিপজিট কৰি থয়। যি ধন কেৱল ছোৱালী পঢ়া-শুনা কৰি বিয়াৰ উপযুক্ত হ'লেহে উলিয়াব পাৰে। ৰাইজৰ এই সিদ্ধান্তও গাঁওবাসীয়ে খুব সুন্দৰকৈ মানি চলিছিল।
গাঁওখনৰ ৰাইজৰ এই আদৰ্শগত কাৰ্য্য সংবাদ-মাধ্যম, সামাজিক মাধ্যমৰ যোগেদি গোটেই বিশ্বত বিয়পি পৰিছিল। ফলত গাঁওখন পৰিদৰ্শন কৰিবলৈ দেশ-বিদেশৰ লোক আহিবলৈ ধৰিলে। গৱেষকে তথ্যচিত্ৰ নিৰ্মাণ কৰিলে। আৰ্জেন্টিনাৰ এটা দৰে পিপলান্ত্ৰিৰ নামত চিনেমা নিৰ্মাণ কৰিলে। হিন্দীভাষাটো গাঁওখনৰ কথাৰে ছৱি নিৰ্মাণ হ'ল। ডেনমাৰ্কত প্ৰাথমিক স্তৰত গাঁওখনৰ সফলতাৰ কাহিনী পাঠ্যক্ৰমতো অন্তৰ্ভূক্ত হ'ল। যিয়ে আন দেশকো প্ৰেৰণা যোগালে। ২০০৭ চনত গাঁওখনে ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰো লাভ কৰিলে।
পাঠটোৰ পৰা তোমালোকে হয়তো এটা কথা বুজিব পাৰিছা যে, মনত যদি দৃঢ়়তা থাকে, ইচ্ছাশক্তি যদি প্ৰৱল হয়, কৰ্মোদ্যম আৰু আগ্ৰহ থাকে, তেন্তে যিকোনো অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰি। এই জলজল-পটপট উদাহৰণ হৈছে পিপলান্ত্ৰি নামৰ গাঁওখন। পাঠটো তোমালোকৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ উদ্দেশ্য তোমালোকে কি বুলি ভাবা ? ইয়াৰ উদ্দেশ্য এয়ে যে, প্ৰকৃতিৰ প্ৰতি তোমালোকো সদায় সদয় হ'বা। প্ৰকৃতি ধ্বংস কৰাৰ পৰা বিৰত থাকিবা। নিজৰ ঠাইখনৰ উন্নতিৰ বাবে সদায় অগ্ৰসৰ হৈ বিশ্বৰ মানসপটত জিলিকাই তোলাৰ প্ৰয়াস কৰিবা। আৰু আটাইতকৈ ডাঙৰ কথা ছোৱালী সন্তান তথা নাৰীৰ প্ৰতি সদায় সন্মান প্ৰদৰ্শন কৰিবা। কিয়নো সৃষ্টিৰ মূলতে নাৰীয়েই কিন্তু। নাৰী থাকিলেহে এই সৃষ্টি বৰ্তি থাকিব। কাৰণ নাৰীয়েই হৈছে প্ৰকৃতি। গতিকে প্ৰকৃতিক বাদ দি আমি সুখী জীৱন কেতিয়াও কামনা কৰিব নোৱাৰোঁ।
আশা কৰোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটোৰ মূলভাৱ সুন্দৰকৈ বুজিব পাৰিছা। তোমালোকৰ বাবে প্ৰশ্নোত্তৰ সমূহো আগবঢ়োৱা হ'ব। তোমালোকে মাথোঁ অধ্যয়ন অব্যাহত ৰাখিবা।
ধন্যবাদেৰে.....
পবিত্ৰ বৰা, শিক্ষক ফোনঃ ৭০০২৯-১৪৭২৫ তাং - ২৬, ছেপ্তেম্বৰ, ২০২০
**********
চমু প্ৰশ্নৰ উত্তৰ (পাঠ- পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন (CLASS 9 ASSAMESE)
Featured Post
সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান
১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...

-
(ক) বাৰটা মাহত তেৰটা খেতি। উত্তৰ ঃ প্ৰশ্নোৰ্দ্ধৃত কথাফাকিৰ দ্বাৰা প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰাৰ কথা বুজোৱা হৈছে। খেতিয়কে যদি প্ৰতি মাহে এটা...
-
ভাব বিষয়ক ১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল ? উত্তৰ ঃ হীৰেণ ভট্টাচাৰ্য্যৰ জন্ম যোৰহাটত হৈছিল। (খ) হীৰেণ ভট্টাচাৰ্য্যই সম্পাদনা ...
-
১০। বাক্য ৰচনা কৰা - হাতে কামে ঃ যিকোনো কাম এটা হাতে কামে লাগিলে সুচাৰুৰূপে সম্পন্ন হয়। নিয়ম-শৃংখলা ঃ নিয়ম-শৃংখলা মানি চলাটোও সফ...