Saturday, September 26, 2020

প্ৰশ্নোত্তৰ ২ আৰু ৩ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন (CLASS 9 ASSAMESE)

২নংপ্ৰশ্ন ঃ পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল ?

উত্তৰ ঃ পিপলান্ত্ৰি গাঁওখন প্ৰাকৃতিক সম্পদত চহকী আছিল। সেইবাবে গাঁওখনৰ ডাঙৰ-ডাঙৰ ব্যৱসায়ীসকলে মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰিছিল। এই মাৰ্বল পাথৰৰ বাবেই গাঁওখনে গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত স্থান লাভো কৰিছিল। কিন্তু পৰিতাপৰ বিষয় এয়ে যে, মাৰ্বলৰ বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে-লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰৰ আহৰণৰ বাবেই খনিবোৰত দিনে-নিশাই কাম চলিবলৈ ধৰিলে। ফলত পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈ গছ-গছনি, বৰষুণ, বিশুদ্ধ বতাহ আদি নোহোৱা হৈ পৰিছিল।

৩। শ্যাম সুন্দৰ পালিৱাল কোন ? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখাঁ। 

উত্তৰ ঃ ৰাজছমন্দ জিলাৰ পিপলান্ত্ৰি গাঁৱৰ এগৰাকী বাসিন্দা আছিল শ্যাম সুন্দৰ পালিৱাল। ২০০৫ চনত তেওঁ সেই গাঁৱৰে মুখীয়ালোঁ আছিল। 

            পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত শ্যাম সুন্দৰ পালিৱাৰ অৱদান অনস্বীকাৰ্য্য। একাংশ লোভী মাৰ্বল ব্যৱসায়ীয়ে মাৰ্বলৰ খনিৰ পৰা মুনাফা লুটাৰ উদ্দেশ্যে দিনে-নিশাই খনিত কাম কৰিবলৈ লোৱাত পিপলান্ত্ৰি গাঁওখনৰ প্ৰকৃতি ক্ৰমাৎ ধ্বংসমুখী হৈছিল। পৰিৱেশ প্ৰদূষণৰ বাবে গাঁওখনৰ পৰা গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তু প্ৰায় লুপ্তপ্ৰায় হৈ পৰিছিল। আনকি বৰষুণৰ অভাৱত গাঁওখনৰ ভূ-গৰ্ভৰ পানী নাইকিয়া হৈ পৰিছিল। পানীৰ অভাৱত খেতি-বাতি নোহোৱা হৈ পৰিছিল। এই দুৰ্ভিক্ষৰ পৰা পৰিত্ৰাণ পাবলৈকে গাঁৱৰ প্ৰায় বাসিন্দা গাঁও এৰি গুছি গৈছিল। ছয়বছৰতে মাতৃহাৰা হোৱা শ্যাম সুন্দৰ পালিৱালেও গাঁও এৰি গুছি গৈছিল যদিও গাঁওখনৰ হৃদয়বিদাৰক সমস্যাবোৰে যেন তেওঁক হাতবাউলি মাতিছিল। সেইবাবেই এটা সময়ত শ্যাম সুন্দৰ গাঁৱলৈ উভতি আহিছিল। উভতি অহাৰ পাছত তেওঁ দেখিছিল যে, গাঁওখনৰ অৱস্থা আৰু বেছি বেয়ালৈ ঢাল খাইছিল। ভূ-গৰ্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। তেনেসময়তেই তেওঁক গাঁৱৰ মুখিয়ালৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। হঠাৎ এদিন শ্যাম সুন্দৰৰ জীয়ৰী কিৰণৰ অসুস্থতাৰ বাবেই মৃত্যু হৈছিল। ক'ৰবাত কিৰণৰ মৃত্যুৰ বাবেও যেন দায়ী ৰুষ্ট প্ৰকৃতি। তথাপি শোকত ম্ৰিয়মান শ্যাম সুন্দৰে নিয়তিৰ ইচ্ছা বুলি গণ্য কৰিয়েই জীয়ৰীৰ স্মৃতিত এটি গছপুলি ৰোপণ কৰিছিল আৰু সেইদিনাই মুখিয়াল হিচাপে তেওঁ গাঁৱত কন্যা সন্তান জন্মিলে ১১১ টা গছপুলি ৰোপণৰ নিয়ম প্ৰৱৰ্তন কৰে। লগতে গাঁওবাসীক চাৰিটা দায়িত্বও দিলে - (১) কন্যা সন্তানক ল'ৰা সন্তানৰ সমানেই প্ৰতিপালন, (২) পানী সংৰক্ষণ কৰা, (৩) গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু (৪) খেতি-বাতিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা। তেওঁ জানিছিল যে, গাঁৱৰ পৰিৱেশ উন্নত হ'বলৈ হ'লে গছ লাগিবই। কিয়নো গছে কেৱল সেউজীয়া পৰিৱেশেই সৃষ্টি নকৰে, ই মাটি সাৰুৱা কৰে আৰু  ভূ-গৰ্ভৰ পানী ওপৰলৈ আনে। তেওঁৰ এই পদক্ষেপক গাঁওবাসীয়ে আদৰি ল'লে। অৱশেষত গাঁওখনলৈ যেন প্ৰাণ পুনৰ ঘূৰি আহিল। পিপলান্ত্ৰি গাঁৱত গছ-গছনি ৰোপণৰ ফলত বিশুদ্ধ বতাহ ব'বলৈ ধৰিলে, যথা সময়ত প্ৰয়োজন অনুসাৰে বৰষুণ পৰিবলৈ ধৰিলে, খেতি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পালে। আনকি গাঁওখনত অতীজৰে পৰা প্ৰচলিত হৈ অহা কন্যা সন্তানৰ প্ৰতি অৱহেলাৰ ভাৱো গাঁওবাসীৰ মনৰ পৰা দূৰ হ'ল। যাৰফলত কন্যা সন্তানৰ ভ্ৰূণ হত্যা ক্ৰমাৎ নোহোৱা হৈ পৰিল। কাৰণ তেওঁ কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে আন এক আঁচনিও গ্ৰহণ কৰিছিল। তেওঁ প্ৰৱৰ্তন কৰিছিল যে, কন্যা সন্তানৰ জন্মৰ দিনাই গাঁওবাসীয়ে ২১,০০০ টকা তোলে আৰু মাক-দেউতাকৰ পৰা ১০,০০০ টকা সংগ্ৰহ কৰি বেংকত ফিক্সড ডিপজিট কৰে আৰু সেই ধন ছোৱালীগৰাকী ডাঙৰ হৈ পঢ়া-শুনা কৰি বিবাহোপযোগী হ'লে সেই ধন ব্যৱহাৰ কৰিব পাৰে। শ্যাম সুন্দৰ পালিৱালৰ এই সুদূৰপ্ৰসাৰী চিন্তা আৰু আঁচনিয়ে পিপলান্ত্ৰি গাঁওখনক নতুন ৰূপ দিলে। এই খবৰ সংবাদ-মাধ্যম, সামাজিক মাধ্যমৰ দ্বাৰা গোটেই বিশ্বতে বিয়পি পৰিল। গতিকে যথাৰ্থতে ক'ব পাৰি যে, শ্যাম সুন্দৰ পালিৱালৰ অনবদ্য অৰিহনাৰ বাবেই গাঁওখন পৃথিৱীবিখ্যাত হৈ পৰিছিল। 

**********


No comments:

Post a Comment

Featured Post

সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান

১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...