২ অক্টোবৰ, ২০২০, নগাঁও : ফটোগ্ৰাফাৰ'ছ সকলক একত্ৰিত কৰি নগাঁৱত নতুনকৈ গঠন হৈছে "নগাঁও ফটোগ্ৰাফাৰ'ছ এচছিয়েচন" নামৰ এটি সংগঠন। আজি নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্পূৰ্ণ কভিড প্ৰট'কল মানি চলি অনুষ্ঠিত হয় সংগঠনটিৰ প্ৰথম বাৰ্ষিক অধিবেশনখনি। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ দ্বাৰা পতাকা উত্তোলনেৰে অধিবেশনৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হয়।
ইয়াৰ পাছতেই সভাগৃহত এখনি মুকলি সভা অনুষ্ঠিত হয়। য'ত মুখ্য অতিথিৰূপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্না, বিশিষ্ট প্ৰকৃতিবিদ প্ৰশান্ত বৰদলৈ, নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰ। লগতে নগাঁৱৰ জ্যেষ্ঠ-কনিষ্ঠ ফটোগ্ৰাফাৰ সকলো উপস্থিত থাকে উক্ত সভাখনিত। বিশিষ্ট চিত্ৰনিৰ্মাতা অৰূপ মান্নাই ভাষণ প্ৰসংগত কয় যে, এটা সংগঠনৰ ভৱিষ্যত নিৰ্ভৰ কৰে সংগঠনটিৰ সদস্যসকলৰ একতা আৰু মনৰ দৃঢ়তাৰ ওপৰত। সেই একেই সুৰতে অধ্যক্ষা দীপিকা লস্কৰে কয় যে, হাতৰ আঙুলিকেইটা মুঠি হৈ থাকিলেহে তাৰ শক্তি অটুত থাকে। খুলি দি এটা এটা হ'লেই দুৰ্বল হৈ পৰে। প্ৰকৃতিবিদ প্ৰশান্ত বৰদলৈয়ে আকৌ ফটোগ্ৰাফীৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে। এনেদৰেই উপস্থিত গণ্য-মান্য ব্যক্তিসকলে নৱগঠিত সংগঠনটিক প্ৰেৰণা যোগায়। আজিৰ এই অনুষ্ঠানতে সংগঠনটিৰ 'এটা কেমেৰা লৈ মই ফুৰোঁ' শীৰ্ষক এটি গীতো উন্মোচন কৰা হয়। গীতটিৰ কথা পাপু কলিতা, সুৰ চন্দন বেজবৰুৱাৰ আৰু কণ্ঠ নিগৰাইছে মনদ্বীপ মহন্ত আৰু মনমীত মহন্তই। গীতটিৰ পৰিকল্পনা আছিল সংগঠনৰ সাধাৰণ সম্পাদক কানু লস্কৰৰ। উল্লেখযোগ্য যে, উপস্থিত সকলোৱে সংগঠনটিৰ এই পদক্ষেপ আৰু গীতটোৰ সৈতে জড়িত সকলোৰে কৰ্মৰ শলাগ লয়। নগাঁও ফটোগ্ৰাফাৰ'ছ এচছিয়েচনৰ সভাপতি অসীম কুণ্ডুৰ সভাপতিৰ ভাষণেৰে মুকলি সভাখনি অন্ত পৰে।
No comments:
Post a Comment