০৩ অক্টোবৰ, নগাঁও : অসমৰ সাহিত্য জগতত সংযোজন ঘটিল এখনি নতুন গ্ৰন্থ - সময়-দুঃসময়। অসমৰ বহু শিল্পী সাহিত্যিকৰ পৰা খাটি খোৱা জনলৈকে আৰু দেশ বিদেশৰ বহু ব্যক্তিৰ কৰ'নাকালীন সময়ৰ অভিজ্ঞতাৰে যুগুতাই উলিয়াইছে গ্ৰন্থখনি। গ্ৰন্থখনি সম্পাদনা কৰিছে যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন শইকীয়া, এক্সকিউজ-মি খ্যাত পাপু কলিতা আৰু মৰিয়নিৰ শিক্ষাবিদ মনোজ কুমাৰ শৰ্মাই। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰি দৈনিক জনমভূমি কাকতৰ সম্পাদক শঙ্কৰ কৌশিক বৰুৱাই কয় যে, ইতিহাসৰ এই জটিল সন্ধিক্ষণত গ্ৰন্থখনি অনাগত সময়ত গৱেষণাৰ বাবে এক দলিল হৈ ৰ'ব।
উল্লেখ্য যে, চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াই সভাপতিত্ব কৰা অনুষ্ঠানটিত আন তিনিখন গ্ৰন্থ ক্ৰমে অসমীয়া বিভাগৰ গৱেষণাধৰ্মী আলোচনী 'কুন্দন', চিনামৰা মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ মুখপত্ৰ 'প্ৰজ্ঞানজ্যোতি' আৰু ছাত্ৰ একতা সভাৰ মুখপত্ৰ 'অগ্ৰগামী'। সাহিত্যৰ সুবাস বিয়পি পৰা এই অনুষ্ঠানটিত কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ অনিল কুমাৰ শইকীয়া, জে বি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বীণাপাণি দেৱী, কৰঙা কথাবাপু সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিপুল চন্দ্ৰ গোস্বামীকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা সাহিত্যানুৰাগী উপস্থিত থাকে। মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ দিনাই প্ৰতিষ্ঠা হোৱা চিনামৰা মহাবিদ্যালয়ৰ মোহন চন্দ্ৰ মহন্তৰ স্মৃতি বিজড়িত সমাজ বিজ্ঞান গৱেষণা কেন্দ্ৰৰ একাদশ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়েই কভিড প্ৰট'কল মানি উক্ত গ্ৰন্থ উন্মোচন সভাখনি অনুষ্ঠিত হৈছিল।
No comments:
Post a Comment