Sunday, October 18, 2020

১৫১ তম্ বীণাপাণিৰ দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ



প্ৰতিবছৰৰ দৰে এইবাৰো ১৫১ তম্ সাতামপুৰুষীয়া বীণাপাণিৰ দুৰ্গা পূজাভাগ সম্পূৰ্ণ আধ্যাত্মিক ৰীতি-নীতিৰে আয়োজন কৰাৰ দিহা কৰা হৈছে। মাথো নতুনকৈ সংযোজন হৈছে চৰকাৰে জাৰি কৰা কভিড প্ৰট'ক'ল। গতিকে বিগত বছৰ সমূহৰ দৰেই এইবাৰো ভক্তৰ  সম্পূৰ্ণ সহায়-সহযোগিতা কামনা কৰিছে বীণাপাণি পূজা সমিতিয়ে। মাৰ্বলৰ স্থায়ী প্ৰতিমাৰে মহিমামণ্ডিত বীণাপাণি দুৰ্গা মন্দিৰত ইতিমধ্যেই নৱৰাত্ৰিৰ পূজা ভাগ আৰম্ভ হৈছে। প্ৰতিপদত থৈল পুত্ৰী হিচাপে পূজা কৰি নৱৰাত্ৰিৰ পূজা আৰম্ভ হোৱা বীণাপাণি মন্দিৰত আজি  দ্বিতীয়া দিনা ব্ৰহ্মচাৰিণী ৰূপত মা দুৰ্গা দেৱীক আৰাধনা কৰাৰ লগতে তৃতীয়াত চন্দ্ৰঘন্টা ৰূপত, চতুৰ্থীত কুষ্মাণ্ডা, পঞ্চমীৰ দিনা স্কণ্ডমাতাৰ ৰূপত, মহাষষ্ঠীত কাট্যায়ণী ৰূপত, মহাসপ্তমীত কালৰাত্ৰি ৰূপত, মহাষ্টমীত মহাগৌৰী ৰূপত আৰু মহানৱমীৰ দিনা সিদ্ধিদাত্ৰীৰ ৰূপত আই গোঁসানীক পূজা-অৰ্চনা কৰা হ'ব বুলি বীণাপাণি পূজা সমিতিৰ সাধাৰণ সম্পাদক ফণীভূষণ শৰ্মাই জনায়।


লগতে তেখেতে সকলো ভক্তকে কভিডৰ নিয়ম-নীতি পালন কৰি দুৰ্গা পূজালৈ আমন্ত্ৰণ জনায়। অসমৰ ভিতৰতে অতি পূৰণি বীণাপাণি মন্দিৰৰ মাহাত্ম্য সৰ্বজনবিদিত। জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাক প্ৰাধান্য দিয়া পূজা ভাগলৈ প্ৰতিবছৰে দূৰ-দূৰণিৰ ভক্তৰ আগমন ঘটে। উল্লেখযোগ্য যে, বছৰৰ প্ৰতিদিনেই বীণাপাণি দুৰ্গা মন্দিৰত বৈদিক ৰীতি-নীতিৰে বিহিত পূজা অনুষ্ঠিত হয়। সদৌ শেষত সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰি দুৰ্গতিনাশিনী আই গোঁসানীয়ে মানুহৰ মাজত ইতিমধ্যেই দেখা দিয়া সকলো অসূয়া-অপ্ৰীতি নাশ কৰি নতুন প্ৰভাতৰ সূচনা কৰাৰ কামনা কৰিছোঁ।

No comments:

Post a Comment

Featured Post

সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান

১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...