বৰণীয়া (BORONIA)
এই ব্লগটি হৈছে এক মাধ্যম আমাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ। শিক্ষা আৰু সংস্কৃতিৰ টুকুৰা খবৰ আপোনাৰ কাষলৈ লৈ যাব এই ব্লগটিয়ে। শিক্ষাৰ্থী সকলকো শিক্ষাৰ সমল আগবঢ়াই যাবলৈ প্ৰয়াস কৰিব ব্লগটোৱে। আছুতীয়া সাক্ষাৎকাৰৰ যোগেদি জানিব পাৰিব বিভিন্ন গণ্য-মান্য ব্যক্তিৰ ব্যক্তিগত জীৱন। যি হয়তো কাৰোবাৰ বাবে হ'ব প্ৰেৰণাৰ উৎস।
Saturday, September 18, 2021
সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান
Sunday, November 29, 2020
মোৰ দেশ (কবি - হীৰেণ ভট্টাচাৰ্য্য) কবিতাটিৰ প্ৰশ্নোত্তৰ (নৱম মান)
ভাব বিষয়ক
১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল ?
উত্তৰ ঃ হীৰেণ ভট্টাচাৰ্য্যৰ জন্ম যোৰহাটত হৈছিল।
(খ) হীৰেণ ভট্টাচাৰ্য্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ ঃ হীৰেণ ভট্টাচাৰ্য্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন।
(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে ?
উত্তৰ ঃ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।
২। 'মোৰ দেশ' কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰ ঃ 'মোৰ দেশ' কবিতাটোৰ মাজেৰে কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ নিজৰ দেশৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা তথা স্বদেশপ্ৰেম ফুটি উঠিছে। নিজৰ দেশখন কবিৰ প্ৰাণতকৈও আপোন, নিজৰ গানতকৈও অতীব আপোন। কবিৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই কেৱল নিজৰ দেশৰ বুকুত সোণোৱালী সপোন ৰচে। তেওঁ যি কৰ্ম কৰিছে, সেয়া কেৱল আপোন দেশখনৰ উজ্জ্বল ভৱিষ্যতৰ বাবেই। কবিয়ে কামৰ খাতিৰতে হওঁক অথবা ফুৰিবলৈকে হওঁক বিভিন্ন দেশৰ অৰঙে-দৰঙে ঘূৰিছে। বিভিন্ন বন্ধু-বান্ধৱক লগ পাইছে, তেওঁলোকৰ সৈতে মনৰ কথা পাতিছে, আন-আন দেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিছে।তথাপি তেওঁৰ কাণত বাজি উঠে নিজৰ দেশখনৰ মৌ-বৰষা ভাষা। আপোন মানুহৰ কাতৰ আহ্বান। আন দেশৰ কোনো অপৰূপ সৌন্দৰ্য্যই যেন কবিৰ মনক বান্ধি ৰাখিব পৰা নাই। বাৰে-বাৰে তেওঁৰ মনটোক ঘূৰাই আনে নিজৰ দেশখনৰ বুকুলৈ। সেয়েহে তেওঁ বহু যাত্ৰাৰ শেষত পুনৰ আপোন দেশখনলৈ ঘূৰি আহে। যিখন দেশত তেওঁ জীৱনৰ অৰ্থ বিচাৰি পায়, ভালপোৱাৰ আনন্দ অনুভৱ কৰে আৰু স্বদেশেৰ কোমল পুৱাই যেন কবিৰ বাবে কঢ়িয়াই আনে ঐশ্বৰ্য্য-বিভূতিৰ সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস বিয়পায়। নিজৰ দেশৰ প্ৰতিটো ঋতুৱে কবিৰ বাবে কঢ়িয়াই আনে জীৱনৰ আশীৰ্বাদ। তেওঁ কেৱল জীয়াই আছে নিজৰ দেশখনৰ বাবে, নিজৰ দেশৰ মানুহবোৰৰ বাবে। স্বদেশৰ ৰণুৱা, বণুৱা, হালোৱা সকলোৰে মাজত কবিয়ে নিজক বিচাৰি পায়। সেয়েহে কবিয়ে আমৰণ স্বদেশক ভাল পাই যাব। অনৈক্য, বিৰোধক ৰোধ কৰি কবিয়ে স্থাপন কৰিব ঐক্য আৰু সংহতি। কবিয়ে নিজৰ দেশৰ সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিব খোজে। শত্ৰু-মিত্ৰ সকলোকে যিহেতু কবিয়ে চিনি পাই, গতিকে তেওঁলোকৰ মাজত সংহতি স্থাপন কৰি নিজৰ দেশত শান্তি বিয়পাবলৈ কবিয়ে আপ্ৰাণ চেষ্টা কৰিছে আৰু অনাগত দিনতো কৰি যোৱাৰ আশা কৰিছে। তেওঁৰ যি আছে সৰ্বস্ব স্বদেশৰ বাবে উছৰ্গা কৰি সাগৰৰ গভীৰতা আৰু পৰ্বতৰ ওখ শৃংগ স্পৰ্শ কৰাৰ কঠিনতাক নেওচি তেওঁ স্বদেশত শান্তি প্ৰতিষ্ঠা কৰিব। কবিতাটোৰে মাজেৰেই কবিয়ে আপোন দেশখনক শ্ৰদ্ধা জ্ঞাপন কৰি দেশপ্ৰেমৰ ভাৱ প্ৰকাশ কৰিছে। এয়ে কবিতাটিৰ মূলভাৱ।
৩। ব্যাখ্যা কৰা ঃ
(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰ ঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত `মোৰ দেশ' কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেন ভট্টাচাৰ্য।
কবিতাফাঁকি মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে।
Saturday, October 31, 2020
দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ল টাউন তেলিয়াগাঁৱৰ নামঘৰ
দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় টাউন তেলিয়াগাঁৱৰ নামঘৰ। শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় নৱনিৰ্মিত নামঘৰটিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। পুৱা খোলপ্ৰসঙ্গৰ মাংগলিক ধ্বনিৰে শুভাৰম্ভ হয় দিনজোৰা কাৰ্যসূচীৰ। দুপৰীয়াৰ ভাগত অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজ তথা আইমাতৃৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় নাম-প্ৰসঙ্গৰ অনুষ্ঠান।
সন্ধ্যাৰ ভাগলৈ গুৰুগৃহৰ চাৰিওফালে বন্তি প্ৰজ্বলনেৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাই বিশ্বশান্তিৰ কামনা কৰা হয়। নিশাৰ ভাগত অনুষ্ঠিত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠানেৰে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে। উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ত ক'ৰোণা মহামাৰীৰ ফলত সৰ্বত্ৰে সৃষ্টি হোৱা ত্ৰাসৰ বাবেই এইবেলি নামঘৰভাগৰ প্ৰতিষ্ঠা দিৱসটি পূৰ্বৰ তুলনাত কিছু অনুষ্টুপীয়াকৈ কভিড প্ৰট'ক'ল মানি অনুষ্ঠিত হয়।
Saturday, October 24, 2020
মহিমা আৰু গৰিমাৰ অন্য এক নাম বীণাপাণি
২৪, অক্টোবৰ, নগাঁও: মহিমা আৰু গৰিমাৰ অন্য এক নাম বীণাপাণি দুৰ্গা মন্দিৰ। ক'ৰোণা মহামাৰীৰ বাবে এই বছৰৰ দুৰ্গা পূজাৰ আনন্দ সৰ্বত্ৰে ম্লান হৈছে যদিও বীণাপাণি মন্দিৰৰ আধ্যাত্মিক পূজাৰ পৰিৱেশ অব্যাহত আছে। কাৰণ এই মন্দিৰত গতানুগতিক ভাৱেও সদায় পূজাৰ জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাক প্ৰাধান্য দি আহিছে। সেয়েহে কোৱা হয়, এতিহ্যমণ্ডিত বীণাপাণি মন্দিৰৰ বেদীত অধিষ্ঠিত মা দুৰ্গাই হাতবাউলি মাতে ভক্তক আৰু ভক্তয়ো ঢপলিয়াই আহে মাৰ চৰণত শৰণ লৈ আশীষ ল'বলৈ। এই কথাৰ সত্যতা প্ৰতিপন্ন কৰিয়েই শুকুৰবাৰে বিয়লি বেলা বীণাপাণি পূজা মন্দিৰত উপস্থিত হয় অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মা দুৰ্গাৰ ওচৰত এগছি চাকি-ধূপ প্ৰজ্বলন কৰি মন্ত্ৰীগৰাকীয়ে বিশ্বশান্তিৰ কামনা কৰে।
বীণাপাণি পূজা সমিতিৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখনি ফুলাম গামোছা, সম্বৰ্দ্ধনা পত্ৰ, বীণাপাণিৰ প্ৰতীক চিহ্ন, স্মৃতিগ্ৰন্থ প্ৰদান কৰি উষ্ম আদৰণি জনোৱা হয়। তেখেতক আদৰণি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত আদৰণি সভাখনি সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীণাপাণি মন্দিৰৰ উন্নয়নৰ বাবে বীণাপাণি সাংস্কৃতিক সমিতিক অসম চৰকাৰৰ পুঁজিৰ পৰা দহ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। তেখেতৰ এই পদক্ষেপত উপস্থিত সকলো ৰাইজ অতি আনন্দিত হয়।
উল্লেখ্য যে, শুকুৰবাৰে নগাঁৱত নৱনিৰ্মিত দলং উদ্ঘাটন, নলা নিৰ্মাণৰ আধাৰশিলা স্থাপনকে ধৰি বহুকেইটা উন্নয়নমূলক কামৰ শুভাৰম্ভণিৰ উদ্দেশ্যে নগাঁৱলৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যাত্ৰাত সংগ দিয়ে স্বতন্ত্ৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাই। তেওঁলোকেও বীণাপাণি মন্দিৰত মা দুৰ্গাৰ চৰণত সেৱা জনায়।
Sunday, October 18, 2020
১৫১ তম্ বীণাপাণিৰ দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ
প্ৰতিবছৰৰ দৰে এইবাৰো ১৫১ তম্ সাতামপুৰুষীয়া বীণাপাণিৰ দুৰ্গা পূজাভাগ সম্পূৰ্ণ আধ্যাত্মিক ৰীতি-নীতিৰে আয়োজন কৰাৰ দিহা কৰা হৈছে। মাথো নতুনকৈ সংযোজন হৈছে চৰকাৰে জাৰি কৰা কভিড প্ৰট'ক'ল। গতিকে বিগত বছৰ সমূহৰ দৰেই এইবাৰো ভক্তৰ সম্পূৰ্ণ সহায়-সহযোগিতা কামনা কৰিছে বীণাপাণি পূজা সমিতিয়ে। মাৰ্বলৰ স্থায়ী প্ৰতিমাৰে মহিমামণ্ডিত বীণাপাণি দুৰ্গা মন্দিৰত ইতিমধ্যেই নৱৰাত্ৰিৰ পূজা ভাগ আৰম্ভ হৈছে। প্ৰতিপদত থৈল পুত্ৰী হিচাপে পূজা কৰি নৱৰাত্ৰিৰ পূজা আৰম্ভ হোৱা বীণাপাণি মন্দিৰত আজি দ্বিতীয়া দিনা ব্ৰহ্মচাৰিণী ৰূপত মা দুৰ্গা দেৱীক আৰাধনা কৰাৰ লগতে তৃতীয়াত চন্দ্ৰঘন্টা ৰূপত, চতুৰ্থীত কুষ্মাণ্ডা, পঞ্চমীৰ দিনা স্কণ্ডমাতাৰ ৰূপত, মহাষষ্ঠীত কাট্যায়ণী ৰূপত, মহাসপ্তমীত কালৰাত্ৰি ৰূপত, মহাষ্টমীত মহাগৌৰী ৰূপত আৰু মহানৱমীৰ দিনা সিদ্ধিদাত্ৰীৰ ৰূপত আই গোঁসানীক পূজা-অৰ্চনা কৰা হ'ব বুলি বীণাপাণি পূজা সমিতিৰ সাধাৰণ সম্পাদক ফণীভূষণ শৰ্মাই জনায়।
লগতে তেখেতে সকলো ভক্তকে কভিডৰ নিয়ম-নীতি পালন কৰি দুৰ্গা পূজালৈ আমন্ত্ৰণ জনায়। অসমৰ ভিতৰতে অতি পূৰণি বীণাপাণি মন্দিৰৰ মাহাত্ম্য সৰ্বজনবিদিত। জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাক প্ৰাধান্য দিয়া পূজা ভাগলৈ প্ৰতিবছৰে দূৰ-দূৰণিৰ ভক্তৰ আগমন ঘটে। উল্লেখযোগ্য যে, বছৰৰ প্ৰতিদিনেই বীণাপাণি দুৰ্গা মন্দিৰত বৈদিক ৰীতি-নীতিৰে বিহিত পূজা অনুষ্ঠিত হয়। সদৌ শেষত সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰি দুৰ্গতিনাশিনী আই গোঁসানীয়ে মানুহৰ মাজত ইতিমধ্যেই দেখা দিয়া সকলো অসূয়া-অপ্ৰীতি নাশ কৰি নতুন প্ৰভাতৰ সূচনা কৰাৰ কামনা কৰিছোঁ।
Saturday, October 3, 2020
যোৰহাটত 'সময়-দুঃসময়' শীৰ্ষক এখনি সময়োপযোগী গ্ৰন্থ উন্মোচন
Friday, October 2, 2020
নগাঁও ফটোগ্ৰাফাৰ'ছ এচছিয়েচনৰ প্ৰথম বাৰ্ষিক অধিবেশন
Featured Post
সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান
১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...

-
(ক) বাৰটা মাহত তেৰটা খেতি। উত্তৰ ঃ প্ৰশ্নোৰ্দ্ধৃত কথাফাকিৰ দ্বাৰা প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰাৰ কথা বুজোৱা হৈছে। খেতিয়কে যদি প্ৰতি মাহে এটা...
-
ভাব বিষয়ক ১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল ? উত্তৰ ঃ হীৰেণ ভট্টাচাৰ্য্যৰ জন্ম যোৰহাটত হৈছিল। (খ) হীৰেণ ভট্টাচাৰ্য্যই সম্পাদনা ...
-
১০। বাক্য ৰচনা কৰা - হাতে কামে ঃ যিকোনো কাম এটা হাতে কামে লাগিলে সুচাৰুৰূপে সম্পন্ন হয়। নিয়ম-শৃংখলা ঃ নিয়ম-শৃংখলা মানি চলাটোও সফ...