Saturday, October 31, 2020

দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ল টাউন তেলিয়াগাঁৱৰ নামঘৰ


দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় টাউন তেলিয়াগাঁৱৰ নামঘৰ। শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়  নৱনিৰ্মিত নামঘৰটিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। পুৱা খোলপ্ৰসঙ্গৰ মাংগলিক ধ্বনিৰে শুভাৰম্ভ হয় দিনজোৰা কাৰ্যসূচীৰ। দুপৰীয়াৰ ভাগত অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজ তথা আইমাতৃৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় নাম-প্ৰসঙ্গৰ অনুষ্ঠান। 

সন্ধ্যাৰ ভাগলৈ গুৰুগৃহৰ চাৰিওফালে বন্তি প্ৰজ্বলনেৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাই বিশ্বশান্তিৰ কামনা কৰা হয়। নিশাৰ ভাগত অনুষ্ঠিত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠানেৰে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে। উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ত ক'ৰোণা মহামাৰীৰ ফলত সৰ্বত্ৰে সৃষ্টি হোৱা ত্ৰাসৰ বাবেই এইবেলি নামঘৰভাগৰ প্ৰতিষ্ঠা দিৱসটি পূৰ্বৰ তুলনাত কিছু অনুষ্টুপীয়াকৈ কভিড প্ৰট'ক'ল মানি অনুষ্ঠিত হয়।

Saturday, October 24, 2020

মহিমা আৰু গৰিমাৰ অন্য এক নাম বীণাপাণি

২৪, অক্টোবৰ, নগাঁও: মহিমা আৰু গৰিমাৰ অন্য এক নাম বীণাপাণি দুৰ্গা মন্দিৰ। ক'ৰোণা মহামাৰীৰ বাবে এই বছৰৰ দুৰ্গা পূজাৰ আনন্দ সৰ্বত্ৰে ম্লান হৈছে যদিও বীণাপাণি মন্দিৰৰ আধ্যাত্মিক পূজাৰ পৰিৱেশ অব্যাহত আছে। কাৰণ এই মন্দিৰত গতানুগতিক ভাৱেও সদায় পূজাৰ জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাক প্ৰাধান্য দি আহিছে। সেয়েহে কোৱা হয়, এতিহ্যমণ্ডিত বীণাপাণি মন্দিৰৰ বেদীত অধিষ্ঠিত মা দুৰ্গাই হাতবাউলি মাতে ভক্তক আৰু ভক্তয়ো ঢপলিয়াই আহে মাৰ চৰণত শৰণ লৈ আশীষ ল'বলৈ। এই কথাৰ সত্যতা প্ৰতিপন্ন কৰিয়েই শুকুৰবাৰে বিয়লি বেলা বীণাপাণি পূজা মন্দিৰত উপস্থিত হয় অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মা দুৰ্গাৰ ওচৰত এগছি চাকি-ধূপ প্ৰজ্বলন কৰি মন্ত্ৰীগৰাকীয়ে বিশ্বশান্তিৰ কামনা কৰে।

বীণাপাণি পূজা সমিতিৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখনি ফুলাম গামোছা, সম্বৰ্দ্ধনা পত্ৰ, বীণাপাণিৰ প্ৰতীক চিহ্ন, স্মৃতিগ্ৰন্থ প্ৰদান কৰি উষ্ম আদৰণি জনোৱা হয়। তেখেতক আদৰণি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত আদৰণি সভাখনি সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীণাপাণি মন্দিৰৰ উন্নয়নৰ বাবে বীণাপাণি সাংস্কৃতিক সমিতিক অসম চৰকাৰৰ পুঁজিৰ পৰা দহ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। তেখেতৰ এই পদক্ষেপত উপস্থিত সকলো ৰাইজ অতি আনন্দিত হয়।

উল্লেখ্য যে, শুকুৰবাৰে নগাঁৱত নৱনিৰ্মিত দলং উদ্ঘাটন, নলা নিৰ্মাণৰ আধাৰশিলা স্থাপনকে ধৰি বহুকেইটা উন্নয়নমূলক কামৰ শুভাৰম্ভণিৰ উদ্দেশ্যে নগাঁৱলৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যাত্ৰাত সংগ দিয়ে স্বতন্ত্ৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাই। তেওঁলোকেও বীণাপাণি মন্দিৰত মা দুৰ্গাৰ চৰণত সেৱা জনায়।

Sunday, October 18, 2020

১৫১ তম্ বীণাপাণিৰ দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ



প্ৰতিবছৰৰ দৰে এইবাৰো ১৫১ তম্ সাতামপুৰুষীয়া বীণাপাণিৰ দুৰ্গা পূজাভাগ সম্পূৰ্ণ আধ্যাত্মিক ৰীতি-নীতিৰে আয়োজন কৰাৰ দিহা কৰা হৈছে। মাথো নতুনকৈ সংযোজন হৈছে চৰকাৰে জাৰি কৰা কভিড প্ৰট'ক'ল। গতিকে বিগত বছৰ সমূহৰ দৰেই এইবাৰো ভক্তৰ  সম্পূৰ্ণ সহায়-সহযোগিতা কামনা কৰিছে বীণাপাণি পূজা সমিতিয়ে। মাৰ্বলৰ স্থায়ী প্ৰতিমাৰে মহিমামণ্ডিত বীণাপাণি দুৰ্গা মন্দিৰত ইতিমধ্যেই নৱৰাত্ৰিৰ পূজা ভাগ আৰম্ভ হৈছে। প্ৰতিপদত থৈল পুত্ৰী হিচাপে পূজা কৰি নৱৰাত্ৰিৰ পূজা আৰম্ভ হোৱা বীণাপাণি মন্দিৰত আজি  দ্বিতীয়া দিনা ব্ৰহ্মচাৰিণী ৰূপত মা দুৰ্গা দেৱীক আৰাধনা কৰাৰ লগতে তৃতীয়াত চন্দ্ৰঘন্টা ৰূপত, চতুৰ্থীত কুষ্মাণ্ডা, পঞ্চমীৰ দিনা স্কণ্ডমাতাৰ ৰূপত, মহাষষ্ঠীত কাট্যায়ণী ৰূপত, মহাসপ্তমীত কালৰাত্ৰি ৰূপত, মহাষ্টমীত মহাগৌৰী ৰূপত আৰু মহানৱমীৰ দিনা সিদ্ধিদাত্ৰীৰ ৰূপত আই গোঁসানীক পূজা-অৰ্চনা কৰা হ'ব বুলি বীণাপাণি পূজা সমিতিৰ সাধাৰণ সম্পাদক ফণীভূষণ শৰ্মাই জনায়।


লগতে তেখেতে সকলো ভক্তকে কভিডৰ নিয়ম-নীতি পালন কৰি দুৰ্গা পূজালৈ আমন্ত্ৰণ জনায়। অসমৰ ভিতৰতে অতি পূৰণি বীণাপাণি মন্দিৰৰ মাহাত্ম্য সৰ্বজনবিদিত। জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাক প্ৰাধান্য দিয়া পূজা ভাগলৈ প্ৰতিবছৰে দূৰ-দূৰণিৰ ভক্তৰ আগমন ঘটে। উল্লেখযোগ্য যে, বছৰৰ প্ৰতিদিনেই বীণাপাণি দুৰ্গা মন্দিৰত বৈদিক ৰীতি-নীতিৰে বিহিত পূজা অনুষ্ঠিত হয়। সদৌ শেষত সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰি দুৰ্গতিনাশিনী আই গোঁসানীয়ে মানুহৰ মাজত ইতিমধ্যেই দেখা দিয়া সকলো অসূয়া-অপ্ৰীতি নাশ কৰি নতুন প্ৰভাতৰ সূচনা কৰাৰ কামনা কৰিছোঁ।

Saturday, October 3, 2020

যোৰহাটত 'সময়-দুঃসময়' শীৰ্ষক এখনি সময়োপযোগী গ্ৰন্থ উন্মোচন

০৩ অক্টোবৰ, নগাঁও : অসমৰ সাহিত্য জগতত  সংযোজন ঘটিল এখনি নতুন গ্ৰন্থ -  সময়-দুঃসময়। অসমৰ বহু শিল্পী সাহিত্যিকৰ পৰা খাটি খোৱা জনলৈকে আৰু দেশ বিদেশৰ বহু ব্যক্তিৰ কৰ'নাকালীন সময়ৰ অভিজ্ঞতাৰে যুগুতাই উলিয়াইছে গ্ৰন্থখনি। গ্ৰন্থখনি সম্পাদনা কৰিছে যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন শইকীয়া, এক্সকিউজ-মি খ্যাত পাপু কলিতা আৰু মৰিয়নিৰ শিক্ষাবিদ মনোজ কুমাৰ শৰ্মাই। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰি দৈনিক জনমভূমি কাকতৰ সম্পাদক শঙ্কৰ কৌশিক বৰুৱাই কয় যে, ইতিহাসৰ এই জটিল সন্ধিক্ষণত গ্ৰন্থখনি অনাগত সময়ত গৱেষণাৰ বাবে এক দলিল হৈ ৰ'ব। 
উল্লেখ্য যে, চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াই  সভাপতিত্ব কৰা অনুষ্ঠানটিত আন তিনিখন গ্ৰন্থ ক্ৰমে অসমীয়া বিভাগৰ গৱেষণাধৰ্মী আলোচনী 'কুন্দন', চিনামৰা মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ মুখপত্ৰ 'প্ৰজ্ঞানজ্যোতি' আৰু ছাত্ৰ একতা সভাৰ মুখপত্ৰ 'অগ্ৰগামী'। সাহিত্যৰ সুবাস বিয়পি পৰা এই অনুষ্ঠানটিত কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ অনিল কুমাৰ শইকীয়া, জে বি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বীণাপাণি দেৱী, কৰঙা কথাবাপু সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিপুল চন্দ্ৰ গোস্বামীকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা সাহিত্যানুৰাগী উপস্থিত থাকে। মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ দিনাই প্ৰতিষ্ঠা হোৱা চিনামৰা মহাবিদ্যালয়ৰ মোহন চন্দ্ৰ মহন্তৰ স্মৃতি বিজড়িত  সমাজ বিজ্ঞান গৱেষণা কেন্দ্ৰৰ একাদশ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়েই কভিড প্ৰট'কল মানি উক্ত গ্ৰন্থ উন্মোচন সভাখনি অনুষ্ঠিত হৈছিল।

Friday, October 2, 2020

নগাঁও ফটোগ্ৰাফাৰ'ছ এচছিয়েচনৰ প্ৰথম বাৰ্ষিক অধিবেশন

২ অক্টোবৰ, ২০২০, নগাঁও : ফটোগ্ৰাফাৰ'ছ সকলক একত্ৰিত কৰি নগাঁৱত নতুনকৈ গঠন হৈছে "নগাঁও ফটোগ্ৰাফাৰ'ছ এচছিয়েচন" নামৰ এটি সংগঠন। আজি নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্পূৰ্ণ কভিড প্ৰট'কল মানি চলি অনুষ্ঠিত হয় সংগঠনটিৰ প্ৰথম বাৰ্ষিক অধিবেশনখনি। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ দ্বাৰা পতাকা উত্তোলনেৰে অধিবেশনৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হয়। 
ইয়াৰ পাছতেই সভাগৃহত এখনি মুকলি সভা অনুষ্ঠিত হয়। য'ত মুখ্য অতিথিৰূপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্না, বিশিষ্ট প্ৰকৃতিবিদ প্ৰশান্ত বৰদলৈ, নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰ। লগতে নগাঁৱৰ জ্যেষ্ঠ-কনিষ্ঠ ফটোগ্ৰাফাৰ সকলো উপস্থিত থাকে উক্ত সভাখনিত। বিশিষ্ট চিত্ৰনিৰ্মাতা অৰূপ মান্নাই ভাষণ প্ৰসংগত কয় যে, এটা সংগঠনৰ ভৱিষ্যত নিৰ্ভৰ কৰে সংগঠনটিৰ সদস্যসকলৰ একতা আৰু মনৰ দৃঢ়তাৰ ওপৰত। সেই একেই সুৰতে অধ্যক্ষা দীপিকা লস্কৰে কয় যে, হাতৰ আঙুলিকেইটা মুঠি হৈ থাকিলেহে তাৰ শক্তি অটুত থাকে। খুলি দি এটা এটা হ'লেই দুৰ্বল হৈ পৰে। প্ৰকৃতিবিদ প্ৰশান্ত বৰদলৈয়ে আকৌ ফটোগ্ৰাফীৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে। এনেদৰেই উপস্থিত গণ্য-মান্য ব্যক্তিসকলে নৱগঠিত সংগঠনটিক প্ৰেৰণা যোগায়। আজিৰ এই অনুষ্ঠানতে সংগঠনটিৰ  'এটা কেমেৰা লৈ মই ফুৰোঁ'  শীৰ্ষক এটি গীতো উন্মোচন কৰা হয়। গীতটিৰ কথা পাপু কলিতা, সুৰ চন্দন বেজবৰুৱাৰ আৰু কণ্ঠ নিগৰাইছে মনদ্বীপ মহন্ত আৰু মনমীত মহন্তই। গীতটিৰ পৰিকল্পনা আছিল সংগঠনৰ সাধাৰণ সম্পাদক কানু লস্কৰৰ। উল্লেখযোগ্য যে, উপস্থিত সকলোৱে সংগঠনটিৰ এই পদক্ষেপ আৰু গীতটোৰ সৈতে জড়িত সকলোৰে কৰ্মৰ শলাগ লয়। নগাঁও ফটোগ্ৰাফাৰ'ছ এচছিয়েচনৰ সভাপতি অসীম কুণ্ডুৰ সভাপতিৰ ভাষণেৰে মুকলি সভাখনি অন্ত পৰে। 

Featured Post

সৰবৰহী মহিলা নিৰল কলিতাৰ দেহাৱসান

১৭ ছেপ্টেম্বৰ, নগাঁও : নগাঁও জিলাৰ টাউন তেলিয়াগাঁৱৰ এগৰাকী সৰবৰহী আইমাতৃ নিৰল কলিতাৰ শুকুৰবাৰে বিয়লি ৩.২৯ বজাত দেহাৱসান হয়। ওৰেটো জীৱন বিভি...